পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ঠাইৰপৰ৷ বৌদ্ধধৰ্ম্ম ক্ৰমে বিলোপ হল তথাপি এই দেশত শীঘ্ৰে তেনে হোৱাটো অনুমান কৰিব নোৱাৰি। খ্ৰীষ্টৰ একাদশ শতাব্দীত এই অঞ্চলত বৌদ্ধ ৰজাৰ অধিকাৰ থকাৰ কথা জানিব পৰা গইছে। হিন্দুধৰ্ম্ম ক্ৰমে উজ্জ্বল হই চলিবলৈ ধৰাত বৌদ্ধধৰ্ম্ম ক্ৰমে তিৰোহিত হোৱাত লোকৰ আচাৰ-নীতি আৰু ধৰ্ম্ম ভাবত বৌদ্ধাচাৰ থাকিল অথচ হিন্দুধৰ্ম্মও ভালকৈ দেশত প্ৰবৰ্ত্তা নাছিল। ব্ৰাহ্মণাদি হীনাচাৰী হ’ল। কলিতা প্ৰভৃতি কেতবিলাক শূদ্ৰে ব্ৰাহ্মণৰ ব্যবসায়ৰ প্ৰতি আক্ৰমণ কৰিলে। শক্তি ও শিবৰ উপাসনাই প্ৰধান হিন্দুবিলাকৰ পক্ষে শ্ৰেষ্ঠ আছিল। 'ইতৰ জাতিয়ে সি উপানাৰ পূজ৷ ইত্যাদি নাজানি যিৰূপে অনুমান কৰিছিল সেইৰূপেই উপাসনা কৰিছিল। সাধাৰণ মানুহৰ মনত একেবাৰে ধৰ্ম্মভাবৰ অভাৱ ‘হইছিল। অধিক কি এই দেশৰ ধৰ্ম্মৰাজ্যত মহা হুলস্থুল হইছিল। সাধাৰণ লোকসমূহৰ এনে মানসিক ভাব হ'ল যেন কোন এজনে আহি সেই ভাব দূৰীভূত কৰি দিয়ে। ১৯৪ ইতিপূৰ্ব্বে লিখা হইছে যে বাৰভূয়াসকলে আহি বৰদোৱা গ্ৰামত অবস্থিতি কৰে। সি ভূঁয়াসকলৰ শিৰোমণি কুসুম্বৰ ভুয়াৰ ১৩৭১ শকত এটি পুত্ৰ জন্মে। তেওঁৰ নাম শঙ্কৰ ভূঁয়া বা শ্ৰীশঙ্কৰদেৱ। তেওঁ বয়ঃপ্ৰাপ্ত হোৱাত এবাৰ ভাটীলৈ গই নানা তীৰ্থাদি দৰ্শন কৰি আহে। কন্দলী গুৰুৰ মুখে এওঁ সংস্কৃত ভাষা শিক্ষা কৰে। তীৰ্থাদি দৰ্শন কৰি আহি শঙ্কৰদেৱে ভাগবতাদি শাস্ত্ৰৰ পৰা কীৰ্ত্তন, দশম প্ৰভৃতি পুস্তক অনুবাদ আৰু সংকলন কৰে। অনেকে কয় শঙ্কৰে নবদ্বীপৰ চৈতন্য গোস্বামীৰ পৰা ধৰ্ম্মদীক্ষ৷ আৰু শিক্ষা লাভ কৰে। শঙ্কৰৰ চৰিত্ৰত ইয়াৰ কোনো কথা উল্লেখ নাই। যি প্ৰকাৰেই হওক শঙ্কৰদেৱে দৈবকীনন্দন কৃষ্ণকেই উপাস্য দেৱতা কৰি অন্যান্য দেবদেবীৰ পূজা অকৰণীয়, ইয়াকে প্ৰচাৰ কৰিব ধৰিলে। কছাৰীৰ উপদ্ৰৱত উজাই গই লেগুড়িত কিছুমান দিন থাকে। তেতিয়াও, দুজন বৌদ্ধমতীয়৷ টাটকীয়াক শঙ্কৰদেৱে নিজৰ উপদেশ দ্বাৰা প্ৰকাৰান্তৰে স্থানান্তৰিত কৰে। শঙ্কৰে পুস্তক আৰু গীত বচনা কৰি মুখৰ উপদেশেৰে আৰু পৌৰাণিক বিবৰণ ঘটিত নাটক অভিনয় কৰি বৈষ্ণবধৰ্ম্ম প্ৰচাৰিলে। তেওঁৰ লগলৈ অনেক লোক গই .