পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তদশ অধ্যায় যেতিয়৷ অসম দেশলৈ আৰ্য্যজাতিৰ আগমন হোৱা নাছিল তেতিয়া এই দেশত এক এনে ধৰ্ম্ম প্ৰচলিত আছিল যাক পৌত্তলিক বুলিলেও হানি নাই। সেই ধৰ্ম্ম জড়োপাসনা মাত্ৰ। সি সময়ৰ ধৰ্ম্মৰ চিহ্ন সেই ধৰ্ম্ম এতিয়াৰ অনাৰ্য্য কছাৰী, লালুঙ্গ, মিৰী, ডফল৷ প্ৰভৃতি জাতিৰ মাঝত পোৱা যায়। কিন্তু আৰ্যজাতি এই দেশলৈ অহাৰ পৰা সি জাতিব সৰ্ব্বপ্ৰকাৰ প্ৰাধান্য হোৱাত কালক্ৰমে অনাৰ্য্যজাতিৰ মাঝতো পৌৰাণিক আৰ্যসকলৰ উপাস্থ্য মহাদেব বা বুঢ়াগোঁহাই; কালিকা বা কালী, বৰমানী বা ব্ৰাহ্মাণী প্ৰভৃতিৰ নাম পোৱা যায়। মহাভাৰতৰ যুদ্ধৰ পূৰ্ব্বেই যে এই দেশলৈ হিন্দুধৰ্ম্ম আহি সংস্থাপিত হইছে তাৰ প্ৰমাণ পোৱা যায়। কিন্তু বৈদিক কালব আৰ্য্য ধৰ্ম্ম ইয়াত সংস্থাপিত হোৱাৰ কোনো বিশিষ্ট প্ৰমাণ পোৱা নাযায়। পৌৰাণিক ধৰ্ম্মৰ প্ৰাদুৰ্ভাব ই দেশত যথেষ্টৰূপে আছে। ভগদত্ত, বাণ, ভীষ্মক প্ৰভৃতি ৰজাসকলে পৌৰাণিক হিন্দুধৰ্ম্ম মানিছিল। তেওঁ- বিলাকে সংস্থাপন কৰ৷ দেবতাৰ স্থান এই পৰ্যান্তে দেদীপ্যমান আছে, ক্ৰমে আৰ্য্যবিলাকৰ ধৰ্ম্ম দেশত ব্যাপিল। এবং অনেক তীৰ্থ আৰু পুণ্যস্থান প্ৰতিষ্ঠিত হ'ল। প্ৰায় পঁচিশ শ বৎসৰ পূৰ্ব্বে শাক্যসিংহ মুনিয়ে মগধ দেশত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে। ভাৰতবৰ্ষৰ সৰ্ব্বত্ৰতে সি ধৰ্ম্ম কালক্ৰমে প্ৰচলিত হ’ল। সি সময়ত এই দেশলৈকে। সেই ধৰ্ম্মৰ স্ৰোত প্ৰবাহিত হয়। ইয়াৰ অধিকাংশ লোকে সি ধৰ্ম্মকে আশ্ৰয় কৰি প্ৰবৰ্ত্তিছিল। স্বামী শঙ্কৰাচাৰ্য্য কৰ্তৃক খ্ৰীষ্টৰ প্ৰথম শতাব্দীত বৈদিক ধৰ্ম্মক পুনৰায় দেশত সংস্থাপিত হ’ল। তাৰেপৰা আকৌ অসম দেশতো হিন্দুধৰ্ম্ম ক্ৰমে প্ৰতিষ্ঠিত হ'ল। পুনৰ্ব্বাৰ পূৰ্ব্বলোপ পোৱ৷ তীৰ্থৰ আবিষ্কাৰ এবং বৈদিক পূজাৰ প্ৰচলন হ’ল। সেই সময়তে যোগিনীতন্ত্ৰ প্ৰভৃতি কেতখিনি পুস্তকও ৰচিত হয়। সি পুস্তকত এই অঞ্চলৰ তীৰ্থাদিৰ মাহাত্ম্য বিবৰণ আৰু পূজাৰ পদ্ধতি প্ৰভৃতি লিখিত আছে। দেবেশ্বৰ নামে এক শূদ্ৰ ৰজাই অসম দেশত হিন্দুধৰ্ম্ম প্ৰচলনৰ বিষয়ে বিশেষ যত্ন কৰে। যদিচ ভাৰতবৰ্ষৰ অন্যান্য