পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী হিন্দুজাতিৰ অনুসাৰে যদি জাতিবন্ধন থাকিলহেঁতেন তথাপি শিল্প ব্যবসায়ীৰ অনুৎসাহ নহলহেঁতেন। সেই জাতিবন্ধন শিথিল হোৱাত সি সি ব্যবসায় লোপ পাবলৈ বহু উজু হল। এইৰূপ হোৱাত সময়ে সময়ে দেশত চলিত কাৰ্য্য সম্পাদনৰ পক্ষেই অনেক অসুবিধা হইছে। বস্ত্ৰ নিৰ্ম্মাণ এই দেশীয়৷ স্ত্ৰী জাতিৰ এটি প্ৰধান কাৰ্য্য। কিন্তু বিদেশীয় সূতা আৰু বস্ত্ৰ সদাই ই দেশলৈ আহি থকাত অনেক স্ত্ৰীয়ে সি কাৰ্য্যৰ প্ৰতি তাদৃক শ্ৰদ্ধা নকৰে। সকলৰ মাঝত এক মহা ব্যবসায় আৰু পৰিশ্ৰম বিষয়ে অসমীয়া লোক হুলস্থূল হ'ব লাগিছে। কেতিয়া যে ইয়াৰ শেষ হই সমাজ বন্ধন স্থিৰ হ'ব তাক শীঘ্ৰে অনুমান কৰিব নোৱাৰি। ১৯২