পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষোড়শ অধ্যায় একপ্ৰকাবে চালে উৎপন্নতকৈ ব্যয় অধিক। সেই কাৰণে আমাৰ ঋণ আৰু বাঢ়িৰ সংখ্যা কিছু অধিক। কিন্তু সম্প্ৰতি অসম দেশব ধন প্ৰায় অসম দেশতে থাকে। সেই কাবণে আমি তাৰ পৰা বড় অসুবিধা সদাই নাপাওঁ। ১৯১ এই আসাম দেশক অবণ্যময় বুলিলেও দোষ নাই। কিন্তু ইয়াৰ পৰাও আমাৰ উপকাৰ হইছে। পূৰ্ব্বে এই দেশৰ পৰা ভাটীলৈ বিস্তৰ শালকাঠ গইছিল। এতিয়া বনবক্ষক বিভাগ সৃষ্টি হোৱাৰ পৰা সেইটিব অনেকাংশে বাধা হইছে। বন্যহস্তী ধৰাৰ বিষয়েও পূৰ্ব্বতকৈ কৰ বৃদ্ধি হইছে। তথাপি ইয়াব বেপাৰৰ পৰা অনেক অৰ্থলাভ হইছে। ইয়াত বাজেও গণ্ডাব বা গঁড়ৰ খড়্গ, মহিষ শৃঙ্গ, হবিণ শৃঙ্গাদিবো বেপাৰ অল্প পৰিমাণে আছে। আসাম দেশত পূৰ্ব্বে শিল্পবিদ্যাৰ বিশেষ অনুশীলন আছিল, তাত বড় অপটুতা নাছিল। এই দেশব কোনো কোনো নদীৰ পৰা সুবৰ্ণ পোৱা গইছিল আৰু তাৰে বিস্তব সাহায্য হইছিল। নানাপ্ৰকাৰ কপাহ, মুগা, এড়ি আক পাটৰ কাপোৰ, তাম, পিতল কাঁহব বাসন, সোণ ৰূপৰ অলঙ্কাৰ, হাতী দাঁত, কাঠবঁহিৰ বস্তু অনেক এই দেশত প্ৰস্তুত হোৱাত দেশীয় লোকৰ প্ৰয়োজন সাধন হইছিল। এই সকল কাৰ্য্যৰ নিমিত্তে মানুহৰ খেল আছিল; সেই সেই খেলৰ মানুহে সেই সেই কাৰ্য্যকে কৰিছিল। এই খেল কোনো বৈদিক জাতি ঘটিত নাছিল। ই খেল বিভাগ ব্যবসায়ানুসাৰে হইছিল। সেই সেই খেলৰ লোকসকলে নিজে ব্যবসায় কৰিছিল আৰু তাক উন্নত কৰিবলৈ সুযোগ পাইছিল। সি ব্যবসায়ৰ নিমিত্তে ৰাজকীয় বৃত্তিও সিহঁতে পাইছিল অৰ্থাৎ সি লোকসকলে নিজ ব্যবসায় বজাৰ সমীপত উৎসৰ্গ কৰাত ৰজাৰ পৰাও নিষ্কৰে ভূমিভোগৰ অধিকাৰ পাইছিল৷ তাৰ পৰা অন্যান্য লোকৰে৷ উপকাৰ হইছিল। পাছে ব্ৰিটিশাধিকাৰ হোৱাত খেলৰ প্ৰণালী লোপ পালে। সকলোৱে নিজ নিজ ব্যবসায় কৰি তাৰ উৎপন্ন নিজে উপভোগ কৰিবলৈ আৰু ভূমিৰ কৰ দিবলৈ বাধ্য হ'ল। ইফালে বিদেশীয় বস্তু আহিবলৈ ধৰিলে। সুযোগ পাই লোকে বিদেশীয় ৱস্তুৰ প্ৰতি আদব কৰাত দেশীয় শিল্পকাৰ্য্য প্ৰায় লোপ হবলৈ ধৰিছে।