পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯০ আসাম বুৰঞ্জী বোলে “শোকোত৷ দি মুকুতা পাইছোঁ।” এই দেশ ব্ৰিটীশাধিকৃত হলত নানাদেশব লোক ইয়াত বাণিজ্য কৰিবলৈ আহিল। কেঁয়া নামে প্ৰসিদ্ধ মাড়োৱাৰৰ আগৰওৱাল৷ আৰু ওসোৱাল ঢাকাব মুসলমান বেপাৰী এবং কিছুমান অন্য বঙ্গালী বেপাৰী এই দেশব প্ৰধান বণিক। এই দেশীয় লোকব মাঝত বেপাৰ কৰ৷ মানুহৰ সংখ্যা সবহ হলেও বিখ্যাত কোনো বেপাৰী নাই। অসম দেশব বেপাৰ প্ৰায়েই হোলোং নৌকাৰ দ্বাৰা হয়। বঙ্গালী আৰু কেঁয়া মহাজনবিলাকে বঙ্গালী নাও আৰু ধোঁৱাৰ জাহাজেৰে বস্তু অনাই বেপাৰ কৰিছে। এতিয়া প্ৰতিমাহেই কেইবাবাৰে৷ ধোঁৱাৰ জাহাজ এই দেশলৈ তাহাব দ্বাব৷ দেশত বাণিজ্য ক্ৰমে বৃদ্ধি পাব লাগিছে। দোকানব সংখ্যা ক্ৰমে বৃদ্ধি হ'ব লাগিছে। অসম দেশত স্বাধীন বৃত্তি অবলম্বন কৰা ধনীৰ সংখ্যা নিচেই তাকৰ কিন্তু ক্ৰমে তাবো সংখ্যা বৃদ্ধি হই আহিব লাগিছে। এই দেশীয় লোকে বাঢ়িতে সৰহ ধন প্ৰতি বৎসবে দিব লাগিছে। কৃষকবিলাকে আপোনাৰ উৎপন্নেৰে ব্যয় নিৰ্ব্বাহ কবি অতি অল্পমাত্ৰ সঞ্চয় কৰিব পাৰে। অন্য লোকৰ পক্ষেও সেইৰূপেই। প্ৰয়োজন সাধিবলৈ যি ঋণ কৰা যায় তাত বিস্তৰ বাঢ়ি দিব লাগে। এই নিমিত্তে দেশীয় লোকে সাধাৰণত স্বচ্ছন্দৰূপে থাকিব নোৱাৰে। এতিয়া অসম দেশত ধনোপাৰ্জনৰ নানা উপায় হ’ব লাগিছে আৰু অনেক ন ন ব্যবসায় হ’ব লাগিছে। সেইবিলাকৰ দ্বাৰা দেশব অবস্থা উন্নতিৰ পথলৈ আগ বাঢ়িছে। এনে আশা কৰিব পাৰি। কপাহ, সৰিয়হ, লা, চাহ, মুগা, এড়ি, পাটসূতা, হাতীদাত, কয়লা, মজাঠি, বেত আৰু বৰৰ আঠ৷ এই দেশৰ প্ৰধান উৎপন্ন দ্ৰব্য। আৰু এইবিলাক ইয়াৰ পৰ৷ ভাটীলৈ বিস্তৰ পৰিমাণে যায়। ভাটীৰ পৰা লোণ, চেনি, কাপোৰ, বাসন, কাঠৰ দ্ৰব্য, নানাবিধ আমোদৰ বস্তু, গাঁজা, আফিঙ্গ, ইউৰোপীয় মদিৰা, অলঙ্কাৰ, সোণ, ৰূপ, কোৰ প্ৰভৃতি বস্তু আমালোকৰ দেশলৈ আহে। এবং অস্ত্ৰ, তৈল, চাউল, তামাখু, লালী প্ৰভৃতি বস্তুও এই দেশলৈ আহে। আমি যি বস্তু ভিন্ন দেশলৈ পঠাওঁ তাতকৈ যি বস্তু ভিন্ন দেশৰ পৰ৷ আমি পাওঁ তাৰ মূল্য অধিক। ভাটীৰ ভাল ভাল বস্তুৰ প্ৰতি দেশীয় মানুহৰ মন বড়কৈ যাব ধৰিছে। সেই দেখি আমালোকৰ