কৰি তাক পাইছিল। এতিয়াও সি নিয়ম অনেক বিষয়ত প্ৰচলিত আছিল। স্বৰ্গনাৰায়ণ ৰজাৰ পূৰ্ব্বে এই দেশত কোনো টকা বা মুদ্ৰা নাছিল। আৰু বেহাৰতো বিশ্বসিংহ ৰজাৰ পূৰ্ব্বে কোনো টকা নাছিল। এঠাইৰপৰা অন্য ঠাইলৈ যাবৰ পথ তেনে সুগম নাছিল। আমাৰ নিচেই চুবুৰীয়া পৰ্ব্বতীয়া জাতিবিলাকৰ অৱস্থা তেনে নাছিল আৰু নহয়। সিহঁতে সময়ে সময়ে দাঁতি ফালে আহি অত্যাচাৰ কৰি লুটি-পুটি মাত্ৰ নিবলৈ যত্ন কৰিছিলে। পাছলৈহে অলপ অলপ বস্তু সলনি কৰিবলৈ আৰম্ভ কৰিলে। বঙ্গাল দেশে সইতে বাণিজ্যৰ তাদৃশ সুযোগ নাছিল। আসামৰ লোকে ভিন্ন দেশলৈ যাবলৈ বড় ভয় কৰে আৰু ভিন্ন দেশৰ লোকৰো তেনে অসূয়া ভাব আছিল। শঙ্কৰদেৱৰ দিনত অতি অলপ সংখ্যক লোকে নৌকা পথে বস্তুৰ বেপাৰ কৰিছিল। এইসকলক মুদৈ বুলিছিল। এইৰূপ অনেক মুদৈ এতিয়াও আছে। নগৰত পাহাৰীবিলাকে আন আন ঠাইৰপৰা বস্তু আনি বেচিছিল। আৰু মুদৈবিলাকৰপৰা কোনো বস্তু লই বিক্ৰয় কৰিছিল। মুসলমানৰ স্ত্ৰীসকলেই প্ৰকাশ্য ভাবে ঘৰতে দোকান দিছিল।
কাপ্তান ওৱালিশ সাহাব এই দেশলৈ অহাৰ পাছত বঙ্গালদেশে সইতে গমনাগমনৰ পথ উত্তমৰূপে মুকলি হ’ল। কমলেশ্বৰ ৰজাৰ দিনত কেঁয়া আৰু বঙ্গালী মানুহে এই দেশৰ কোনো কোনো ঠাইত দোকান কৰিলে। তাৰো সংখ্যা অতি কম। ভুতৰ পুতেকৰ খবৰৰ সময়ত যোড়হাট নগৰত তিনিখন দোকানহে আছিল। তাৰে দুখন পৰশুৰাম দুৱাৰীয়াৰ ঘৰৰ। গুৱালপাড়াৰ সিপাৰে হাদীৰা চকীক বঙ্গালহাট বুলিছিল। উজনি আৰু ভাটীৰ যাবতীয় বেপাৰৰ বস্তু তাতে একত্ৰিত হইছিল। আৰু তাৰে বস্তুবিশেষে কৰ গ্ৰহণ কৰা হইছিল। সেই কৰ প্ৰদান নকৰিলে ইফালে সিফালে বস্তু নিব নোৱাৰে এই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীনলৈ অহাৰ পূৰ্ব্বে ই দেশলৈ লোণ, চেনি, যবক্ষাৰ, কাপোৰ, মণি প্ৰভৃতি বস্তু বঙ্গাল দেশৰ পৰা আহিছিল। আৰু এই দেশৰ পৰা হাতী দাঁত, মজাঠি, কপাহ, এড়ি, মুগা, পাট-সূতা প্ৰভৃতি বস্তু ভাটীৰ ফালে পঠোৱা হইছিল। তেতিয়া যিসকলে ইয়াত বেপাৰ কৰিছিল তেওঁবিলাকে এনেকৈ কইছিল .