পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 ১৮৮ আসাম বুৰঞ্জী বাহিৰেও শাক-পাচলি কুঁহিয়াৰ, মৰাপাট, মাহ, ধপাত প্ৰভৃতিৰে৷ অল্প পৰিমাণে ক্ষেতি হয়। ইয়াৰ পাৰ্ব্বত্য প্ৰদেশৰ অনেক ঠাইত কপাহ্ প্ৰচুৰ গৰু আৰু ম'হ দুয়োৰো দ্বাৰা হাল বাহন হয়। কিন্তু ইয়াৰ প্ৰতি তাদৃশ যত্ন কৰা দৃষ্ট নহয়। গৃহপালিত অন্য যি পশু পক্ষী থাকে তাৰ প্ৰতিও তাদৃশ যত্ন নাই। পুৰুষ আৰু স্ত্ৰী উভয়েই এই দেশত কৃষি- কাৰ্য্য কৰে। যি কাৰ্য্যত কঠিন পৰিশ্ৰমৰ প্ৰয়োজন তাক পুৰুষে আৰু য'ত সামান্য পৰিশ্ৰমৰ প্ৰয়োজন তাক স্ত্ৰীজাতি দ্বাৰা সম্পাদন হয়৷ মুগা, এড়ি, পাট, লা্ প্ৰভৃতি কেতবিলাক বস্তু ইয়াত উপাৰ্জ্জন কৰা হয়৷ ইয়াৰে ই দেশীয় লোকৰ প্ৰয়োজন সাধন আৰু অৰ্থোপাৰ্জন ই দুই প্ৰকাৰতে সাহায্য হইছে। এই দেশৰ প্ৰজা সংখ্যাতকৈ ভূমিৰ সংখ্যা অধিক সেই কাৰণে লোকসকলে কোনো প্ৰকাৰ ভূমিৰ প্ৰতি তাদৃশ আদৰ নকৰে। কৃষি কাৰ্য্যত বড় শ্ৰদ্ধা নকৰিলেও এই দেশীয় লোকে যি কাৰ্য্য কৰে তাত অদক্ষতা নাই।

আজি প্ৰায় পঞ্চাশ বৎসৰ হইছে আসামত চা বৃক্ষ থকা প্ৰকাশ হইছে। ক্ৰমে তাৰ কৃষি আৰু উন্নতি অধিক হ’ব লাগিছে। ইয়াৰ দ্বাৰা অনেক অৰণ্যময় পতিত ভূমি ফলবতী আৰু শস্যশালিনী হইছে। ইয়াৰ কৃষি আৰু নিৰ্ম্মাণৰ উপলক্ষে এই দেশত অনেক অৰ্থ বিক্ষিপ্ত হইছে। তাৰদ্বাৰা প্ৰজাসমূহৰ বিশেষ উপকাৰ হইছে। অনেক ইউৰোপীয় এবং অল্প পৰিমাণে এই দেশীয় লোকে এই চাহৰ কৃষি কৰিবলৈ ধৰি নিজেও সৌভাগ্যশালী হইছে। আৰু দেশৰে৷ প্ৰকাৰান্তৰে উপকাৰ সাধিছে। এই চাহ এতিয়৷ আসামৰ এটি প্ৰধান উৎপন্ন দ্ৰব্য হইছে। যি দেশত কৃষি সকলে৷ লোকেই কৰে অথচ তাৰ অবস্থা নিস্তেজ সি দেশত বাণিজ্যৰ বৰ্ত্তমান অবস্থা তেজস্বিনী হোৱা অসম্ভব। ই, দেশৰ লোকসকলে বাণিজ্যক অনাদৰ কৰিছিল। প্ৰায় সকলো লোকেই সকলে৷ প্ৰকাৰ বস্তু আপুনি উপাৰ্জন কৰে। বিদেশীয় লোকৰ সংখ্যা অতি কম। এই হেতুকে লোকৰ অভাব অধিক নাছিল। যাৰ কোন দ্ৰব্যৰ প্ৰয়োজন আছিল সি কোনো সৰহীয়া যা অপ্ৰয়োজনীয় বস্তু সলনি