সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষোড়শ অধ্যায়

 এই দেশত যিসকল লোক আছে তাৰ প্ৰায় সকলোৰেই প্ৰধান ব্যবসায় কৃষি। আন ব্যবসায় নিচেই অল্প মাত্ৰ। যিসকলে আন ব্যবসায় কৰে তাৰো অনেকৰে ক্ষেতি আছে। যিবিলাক লোক এই দেশত অন্য দেশৰপৰ৷ আহি অৰ্থোপাৰ্জ্জনৰ নিমিত্তে বসতি কৰিছে তেওঁবিলাকৰহে কৃষি নাই। কৃষি ব্যবসায় ইয়াত সাধাৰণৰূপে চলিলেও ইয়াৰ লোকসকলে তাৰ উন্নতিলৈ বিশেষ দৃষ্টি নাৰাখে। শঙ্কৰদেৱৰ সময়ত কৃষিৰ যি প্ৰণালী আৰু আয়োজন আছিল সিয়েই এতিয়ালৈকে আছে। এতদ্দেশীয় কৃষক মাত্ৰেই কেবল স্বাভাবিক উপায়হে আশ্ৰয় কৰে। অতি বৃষ্টি বা অনাবৃষ্টিত কোনো অশুভ ফল কেতিয়াও নিবাৰণ নকৰে। কোনো দূৰস্থ জলাশয়ৰপৰ৷ জল সেচন কৰি শুষ্ক ভূমিক উৰ্ব্বৰা নকৰে। অথবা জলমগ্ন ঠাইৰপৰা জল নিঃসাৰণ কৰি সি ঠাইক কৃষিৰ উপযোগী নকৰে। প্ৰায় মাটিতে একপ্ৰকাৰ মাত্ৰ শস্যোৎপাদন কৰে আৰু অসাৰ মাটিক সাৰ দি তাৰ উৰ্ব্বৰত্ব আৰু শস্যৰ গুণ বৃদ্ধিৰ প্ৰতি যত্নশীল নহয়। ইয়াৰদ্বাৰা দেশীয় লোকসকলক অলস বুলিব পাৰি কিন্তু প্ৰকৃতে সেইটো নহয়। অসমৰ মাটি উৰ্ব্বৰা। ইয়াত বেপাৰ বাণিজ্যৰ তাদৃক সুযোগ নাই। এই হেতুকে সিৰূপ আচৰণ কৰা হয়। ভূমিৰ উৰ্ব্বৰতা হোৱাত অতি দুৰ্য্যোগতো সাধাৰণ শস্য পোৱা যায়। অভাব নহলে প্ৰয়োজন নহয়। ইয়াত সাধাৰণ লোকসকলৰ তিমান অভাব নাই সেই কাৰণে অতিৰিক্ত শ্ৰম নকৰে। যদি ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে ইয়াত প্ৰজাবিলাকে সেই পৰিমাণে কৃষিত যত্ন কৰিলেহেঁতেন, তেনেহলে প্ৰজাৰ অবস্থা আৰু সৌভাগ্যশালিনী হলহেঁতেন।

 কৃষিৰ যি যি যন্ত্ৰ সিসকলো সামান্য। আৰু সিসকল সমুদায় ক্ৰয় কৰিলে ৫।৬ টকাৰ অধিক ব্যয় নালাগে। এহাল বলদ গৰুৰে ১০।১২ বিঘা ভূমি কৰ্ষণ কৰিব পাৰি। বাৰ্ষিক সচৰাচৰ তিনিটাৰ অধিক শস্যৰ কৃষি নকৰে। শালিধান, আহুধান আৰু সৰিয়হৰ ক্ষেতিয়েই প্ৰধান। ইয়াত