সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
আসাম বুৰঞ্জী

কৃষ্ণ মঙ্গল, দুৰ্গা মঙ্গল, প্ৰভৃতি গীত ভাষাত আছে। সংগীত বিদ্যাৰ ৰাগ ৰাগিনী ইত্যাদিৰ নাম আৰু নিয়ম দেশীয় ভাষাত লেখা পুথি আছে। অসমীয়া গীত প্ৰসিদ্ধ সংস্কৃত নিয়মৰ ৰাগৰাগিনীৰদ্বাৰা গ্ৰথিত হলেও তাৰ সুৰ সচৰাচৰ যিবিলাক সুৰৰ গীত হিন্দী বা বাঙ্গালী ভাষাত শুনি সেইৰূপ নোহোৱা হেন অনুমান হয়। সেইবিলাক সুৰ অতি প্ৰাচীন কালৰেপৰা চলিছে। এইবিলাকত বিনে আন কোনো বিষয়ৰ গ্ৰন্থ অসমীয়া ভাষাত থকা দৃষ্ট নহয়। ই সকলৰদ্বাৰা এনেটো নিশ্চয় জানিব পাৰি যে এই দেশৰ লোকসকলে অন্য কোন ভাষালৈ প্ৰতীক্ষা নকৰি আপুনি যি ভাষা ব্যবহাৰ কৰে বা যি ভাষা সাধু ভাষা জানে তাৰে শ্ৰীবৃদ্ধিৰ অৰ্থে এক কালত প্ৰচলিত ভাষাক কুভাষা আৰু এককালত সি ভাষা কোনো ভাষাই নোহোৱা বুলি অনাদৃত হই থকাতো যত্ন কৰিছিল এবং এতিয়াও কৰিব লাগিছে।