পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
আসাম বুৰঞ্জী

কৰে যে পৰশুৰামৰ ভয়ত ক্ষত্ৰিয় সকলে পলাই আহি ইয়াত বাস কৰে। সেই সকলেই “কুল লুপ্তা” বা কলিতা বুলি কয়। এই কথা যেনে দৰে কোৱা হইছে তেনে নহলেও ইয়াৰ পৰা কোনো কালৰ আৰ্য্যস্ৰোত এই ফালে বই অহাৰ কথা যে ইয়াৰে কইহে ইয়াত সন্দেহ কৰিবৰ একো কাৰণ নাই। কলিতা বিলাকো ইয়াত পবিত্ৰ সৎশূদ্ৰ বুলি পৰিচিত। অনেকৰ শিষ্যাদিও আছে। ইয়াৰ পৰা যে সিহঁতে কোনো সৎকুলোদ্ভব লোক তাক অকস্মাতে পতিয়াব পাৰি। কোনো কোনো লোকে অনুমান কৰে বোলে কলিতা বিলাক এই প্ৰদেশৰ আদিবাসী লোক। কোনো কালত ইহঁতৰ ৰজা আছিল। আৰু ইহঁতৰ স্বতন্ত্ৰ দেশ আছিল। এতিয়াও কলিতা নামে এক মৌজা ব্ৰহ্মপুত্ৰৰ তীৰত নগাওঁ জিলাত আছে। সেই ঠাইত যে সেই জাতিৰ ৰজাৰ ৰাজধানী আছিল ইয়াক অনুমান কৰে। এই কথা হঠাৎ বিশ্বাস কৰিব নোৱাৰি কিয়নো সেই কলিতা নগৰত প্ৰাচীন কোনো চিহ্ন পোৱা নাযায় বিশেষ তেনেহলে সেই জাতিয়ে বহুকাল পূৰ্ব্বে আৰ্য্যধৰ্ম্ম গ্ৰহণ কৰি পবিত্ৰ হইছিল। আৰু বৌদ্ধধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত বা কিছু পাছে ইহঁতে ব্ৰাহ্মণৰ ব্যবসায়ৰ প্ৰতি আক্ৰমণ কৰিছিল।

 নন্দবংশ লোপৰ পাছত মগধ প্ৰদেশত যি হুল স্থুল হয় সেই সময়তো অনেক লোক এই দেশলৈ আহে। আৰু বৌদ্ধ ধৰ্ম্ম বড় প্ৰবলৰূপে যেতিয়া ভাৰতবৰ্ষত চলিল তেতিয়াও সেই ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ আৰু দেশ জয় কৰিবলৈ অনেক লোকে এই দেশলৈ আহে। আৰু সেই সকলৰ অনেকেই এই দেশৰ উৰ্ব্বৰতা দেখি ইয়াতে বসতি কৰিলে। সময়ে সময়ে তীৰ্থযাত্ৰা উপলক্ষে অনেক লোক আহি ইয়াতে বিবাহাদি কৰি ৰই গল। এই নিয়ম এতিয়াও চলিছে।[১] ভাৰতবৰ্ষ যেতিয়া গোৰি মহম্মদে আক্ৰমণ কৰে, তেতিয়া বখ্‌তিয়াৰ খিলিজি বঙ্গদেশ জয় কৰি এই দেশলৈ আহি ইয়াক আক্ৰমণ কৰে। তেতিয়াই যিবিলাক মানুহ এই দেশত থাকিল

  1. দেৱ গোপাল বা বংশী গোপাল দেৱে কান্যকুব্জৰ পৰা এই দেশলৈ আহি ধৰ্ম্ম প্ৰবৰ্ত্তাই থাকিল। তেওঁৰ লগত অহা ক্ষত্ৰিয় কুলৰ অনুচৰ কেইজন এই দেশত কলিতা বিলাকে সৈতে বিবাহাদি কৰিলে। তাৰে সন্তানবিলাক এতিয়ালৈকে কলিতা বুলি প্ৰসিদ্ধ হই আছে।