সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
পঞ্চদশ অধ্যায়

তাৰ অক্ষৰ প্ৰাচীন বাঙ্গলা অক্ষৰৰ দৰে কিন্তু তাৰ ভাষা সংস্কৃত। বৌদ্ধ ধৰ্ম্মৰ ধৰ্ম্মপালে ৰজাৰ যি দানপত্ৰ তাৰ সময় খৃষ্টৰ একাদশ শতাব্দীত, এতেকে সেই শতাব্দীত যে লিখিত ভাষা ইয়াত আছিল ইয়াক স্বীকাৰ কৰিব লাগে।[] এতিয়াৰ দৰে তেতিয়া লেখাপঢ়াৰ চৰ্চ্চা নাছিল। শঙ্কৰদেৱৰ পূৰ্ব্বে প্ৰচলিত ভাষা অনাদৃতা আছিল। পণ্ডিত সমাজত সংস্কৃত ভাষাকেহে শিক্ষা কৰিছিল। আৰু কামৰূপীয় নিবন্ধ যোগিনী তন্ত্ৰাদি এই দেশৰ প্ৰচলিত পুস্তক এই অক্ষৰেৰেই সংস্কৃতত ৰচিত হইছিল। শঙ্কৰদেৱে বৌদ্ধাচাৰৰ ব্যাপকতা আৰু লোকৰ মানস ৰাজ্যত অজ্ঞানমূলক দুৰ্ব্বলতা দেখি যি ভাষা সাধুসমাজত ব্যবহাৰ আছিল, সি ভাষাত আৰু তাৰ লগত আন আন ভাষাৰ সুশ্ৰাব্য আৰু সুভাবৰ কথা সংযোগ কৰি পুস্তক ৰচনা কৰিলে। শঙ্কৰ আৰু মাধবদেৱৰ ৰচিত পুস্তক কেবল আমাৰ হে এনে নহয়, বঙ্গ, উড়িষ্যা, উত্তৰ-পশ্চিম প্ৰদেশ আৰু অসম এই কেইও দেশৰ সম্পত্তি। তেওঁৰ পুস্তকৰ ভাষা সকলোৱে অল্পায়াসে বুঝিব পাৰে।

 ইয়াৰ পূৰ্ব্বে ব্ৰাহ্মণসকলে মাত্ৰ স্থানে স্থানে পাঠশালাত সংস্কৃত ভাষা শিক্ষা কৰিছিল। শঙ্কৰ আৰু মাধৱদেৱে তেওঁবিলাকৰ ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ নানাবিধ পুস্তক ৰচি য’তে য’তে সত্ৰ কৰিছিল ত’তে ত’তে শিক্ষাৰ উপায় কৰিলে। নৰনাৰায়ণ ৰজাই কামৰূপত বিদ্যাশিক্ষাৰ বড় উৎসাহ দিলে কায়স্থ আৰু কলিতা জাতিৰ কোনো কোনো লোকে অঙ্ক ইত্যাদি শিক্ষাৰ নিমিত্তে পুস্তক ৰচনাৰ উদ্যোগ কৰিলে। শিবসিংহ স্বৰ্গদেৱৰ পূৰ্ব্বে উজনি খণ্ডত বিদ্যাশিক্ষাৰ এফেৰিও চৰ্চ্চা থকাৰ বিষয় জনা নাযায়। কোনো কোনো পণ্ডিত আৰু অধ্যাপকে আপনাৰ বা কোনো কোনো ডাঙ্গৰ লোকৰ সাহায্যত কোনো কোনো ঠাইত কোনো কোনো ছাত্ৰক শিক্ষা দিছিল। বড় ৰজাই এটি পাঠশালা কৰি দিয়ে। এইসকলতো কেৱল সংস্কৃত ভাষাৰ মাত্ৰ শিক্ষা দিয়া হইছিল। তাৰ পাছত আন আন ঠাইত সংস্কৃত পঢ়াৰ ছাত্ৰশালা হ’ল। চলিত ভাষা শিক্ষাৰ কোনো প্ৰকাশ্য পাঠশালা নাছিল। চলিত ভাষাত কেবল অঙ্কশাস্ত্ৰ মাথোন শিক্ষা দিছিল। তাকো যিসকলে মাটি পিয়ল কৰা ইত্যাদি ব্যবসায় কৰিব খুজিছিল সি সকলোৱেহে সি শাস্ত্ৰ


  1. এই সময়ৰ পূৰ্ব্বেও লিখিত ভাষা থকা অনুমান হয়।