সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ অধ্যায়

 এই দেশৰ আদিবাসীবিলাক যে অনাৰ্য্য জাতিৰ লোক আছিল এই কথা ইয়াৰ পূৰ্ব্বে সিদ্ধান্ত কৰা হৈছে। মহাভাৰতৰ যুদ্ধৰ সময়ৰ পূৰ্ব্বেই যে আসাম দেশলৈ আৰ্য্যস্ৰোত প্ৰবাহিত হৈছে ইয়াকো আমি ইয়াৰ পূৰ্ব্বেই কইছো। যিবিলাক অনাৰ্য্য জাতি ইয়াত আছিল আৰু আছে সি সকলোৰে এটি এটি স্বতন্ত্ৰ ভাষা আছে। এই দেশত আৰ্য্য সন্তানসকল বসতি কৰাৰ পাছত সিসকলে সংস্কৃতমূলক ভাষা কবলৈ ধৰিলে। ক্ৰমে সেই ভাষাৰ উন্নতি অবনতি অনেক হই গইছে। আৰু নানাদেশীয় লোক বসতি কৰাত আৰু আন আন দেশে সইতে সমাগম হোৱাত ভাষাৰ অবস্থা পৃথক হ'ল। অনেকে এই দেশক বঙ্গদেশৰ উপনিবেশ, ই দেশীয় লোকক বঙ্গালীৰ সন্তান আৰু এই দেশীয় ভাষাক বাঙ্গালী ভাষা বা তাৰ অপভ্ৰংশ বোলে। এই কথা আমি সম্পূৰ্ণ স্বীকাৰ ও বিশ্বাস কৰিব নোৱাৰোঁ। এফালে উড়িষ্যাৰ দক্ষিণ সীমাৰ বাহিৰৰ মাদ্ৰাজ ৰাজধানীৰ অন্তৰ্গত গাঞ্জাম, এফালে চট্টগ্ৰামৰ দক্ষিণ সীমা, এফালে সদীয়া আৰু এফালে শতদ্ৰু নদী, এই চাৰি সীমাৰ মাঝত অনাৰ্য্যজাতি আৰু অসংস্কৃতমূলক অনাৰ্য ভাষা এড়ি আৰ্য সন্তান আৰু সংস্কৃতমূলক ভাষা এটি মাত্ৰ। আৰ্য্যাবৰ্ত্ত ব্ৰহ্মাবৰ্ত্ত প্ৰভৃতি হিমালয় আৰু বিন্ধ্যাচলৰ মধ্যবৰ্ত্তী স্থানৰ যি ভাষা আৰু যি লোকে সেই ভাষা কয় সি সকলো উল্লিখিত সীমাৰ ভিতৰতে আছে। এই সকলোৰে আদিভাষা সংস্কৃতমূলক হিন্দী। সংস্কৃত ব্যাকৰণেই এই সকলো ভাষাৰ মূল। এবং তাৰ নিয়মেই ই সকলোৰে নিয়ম। এই নিমিত্তেই এই চাৰি সীমাৰ মধ্যবৰ্ত্তী হিন্দী, বাঙ্গালী, উড়িয়া আৰু অসমীয়া এই চাৰিও ভাষাৰ সাদৃশ্য দেখি। প্ৰথম দেশৰ বিজ্ঞ সমাজত যি ভাষা প্ৰচলিত আছিল সি ভাষা অসমীয়া।

 এই দেশৰ বৰ্ণমালা সংস্কৃত আৰু সেই বৰ্ণমালা যে কেতিয়া চলিবলৈ ধৰিলে তাৰ নিৰূপণ কৰা দুঃসাধ্য। ধৰ্ম্মপাল আৰু নাগাক্ষ প্ৰভৃতি ৰজাই ব্ৰাহ্মণক কি দেবতাৰ উদ্দেশে ভূমি বৃত্তি প্ৰদান কৰি যি দানপত্ৰ দিছে