পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী শিক্ষ৷ কৰিছিল। ব্ৰিটিশ গৱৰ্ণমেন্টে এই দেশ লোৱাৰ অল্প পাছতে স্থানে স্থানে ইংৰাজী স্কুল সংস্থাপিত হ’ল। বাঙ্গালা ভাষাই যে ই দেশৰ ভাষা ইয়াকে নিশ্চয় কৰি বাঙ্গালা ভাষা শিক্ষাৰ পাঠশালাও অনেক ঠাইত সংস্থাপিত হ’ল। কিন্তু ইংৰাজী ১৮৭২ সনৰ পৰ৷ বাজকাৰ্য্যালয় আৰু পাঠশালাত অসম দেশৰ প্ৰচলিত ভাষা শিক্ষা দিবৰ আজ্ঞা গবৰ্ণমেণ্টৰ পৰ৷ হোৱাত ক্ৰমে সেইৰূপে কাৰ্য্য হ’ব লাগিছে, এই দেশৰ লোকসকলৰ সংস্কৃত মূলক ভাষাৰ লগত ইয়াৰ ওচৰ চুবুৰীয়া পৰ্ব্বতীয়৷ আদিবাসী লোক সকলৰ আৰু আহোমবিলাকৰ অনেক কথা বিশুদ্ধ বা অপভ্ৰংশ হই ইয়াত চলি আছে। ইয়াৰ মূল বিচাৰি পোৱ৷ এতিয়া বড় টান হইছে। কিন্তু ইয়াৰ চৰ্চ্চা যিমান বাঢ়িব তিমান ই সকল কথা বিশেষকৈ প্ৰকাশিত হ’ব এনে আশা কৰে॥ অসমীয়া ভাষাত যে প্ৰকৃতে মূল সাহিত্য গ্ৰন্থ অধিক আছে এনে বুলিব নোৱাৰি। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী প্ৰভৃতি পণ্ডিতসকলে সেইকালব সাধুভাষাত দশমন, কীৰ্ত্তন, ঘোষা, বত্নাবলী প্ৰভৃতি গ্ৰন্থ সংস্কৃত ভাগবতাদি পুস্তকৰ পৰা সংগৃহীত কবি বচিছে। আৰু ৰামায়ণ মহাভাবত, প্ৰায় সংস্কৃত পুৰাণ এবং গীতা প্ৰভৃতি শাস্ত্ৰকে। অনুবাদ কবি ৰচনা কৰিছে। এইসকল পদ্য ছন্দত। গদ্য ছন্দৰ কথা ভাগবত গুৰু কথা. চৰিত্ৰ প্ৰভৃতি পুথিও আছে। ইয়াৰ ভিতৰত কেবল গদ্য গুক কথা চৰিত্ৰ মাথোন মূলগ্ৰন্থ। চাণক্য প্ৰভৃতি নীতি পূৰ্ণ ক্ষুদ্ৰ কাব্যকে৷ অসমীয়া ভাষা ও অনুবাদ আছে। নাটক— শঙ্কৰদেৱ আৰু তেওঁৰ সমকালজ বা পাছে কোনো লোকে পৌৰাণিক কথাৰ কৃষ্ণজন্ম, সীতা স্বয়ম্বৰাদি কোনো কোনো বিবৰণব অনেক নাটক ৰচনা কৰিছে। সেইসকল নাটকৰ অভিনয় কোনো কোনে৷ পৰ্ব্বাদিত সত্ৰ বা গাঁত সদাই হই থাকে। তাকে ভাৱনা বোলে। এইবিলাক নাটকত অনেক হিন্দী শব্দ মিশ্ৰিত আছে। 6-8 ইতিহাস বা বুৰঞ্জী——গুৰু কথা চৰিত্ৰ গদ্য গ্ৰন্থত শঙ্কৰ আৰু মাধৱদেৱ এবং তেওঁবিলাকৰ শিষ্যসকলৰ বিবৰণ পোৱা যায় আৰু সেই কালৰ ৰজাসকলৰে৷ কোনো কোনো বিশেষ ঘটনা জানিব পাৰি। এইদেশৰ প্ৰায় ভদ্ৰলোক সকলো একোখন বুৰঞ্জী লিখি ঘৰতে থইছিল। বাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত এইৰূপ অনেক বুৰঞ্জী নষ্ট কৰা হয়।