পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী লোৱা হ’ল। ডোমবিলাক এনে ঘৃণিত আছিল সিহঁত এতিয়া অন্য হিন্দুৰ দৰে ধৰ্ম্মচাৰী হোৱাতো সিহঁতে অনেক “হিন্দু” বুলি কয় এবং তাকে এনে- ভাবে কয় যেন সিহঁত হিন্দু নহয়। আহোম ৰজাসকলে এই জাতিৰ লোকবিলাকৰ কপালত ৰোহিত মংস্যৰ প্ৰতিমূৰ্ত্তি অঙ্কিত কৰিছিল। কোনো ডোমে আন হিন্দুয়ে সইতে মিহলি হ’ব নোৱাৰে এই কাৰণেই সেই নিষ্ঠুৰ নিয়ম অবলম্বন কৰা হইছিল। ইয়াৰ দ্বাৰা অন্য হিন্দুক ডোমৰ পৰা পৃথক্ কৰা গইছিল। এই জাতি লোক ক্ৰমে উন্নত হবলৈ ধৰিছে কিয়নো ইহঁত বড় শ্ৰমী। ইহঁতৰ স্বতন্ত্ৰ ব্ৰাহ্মণ আছে। এই ব্ৰাহ্মণৰ সংখ্যা ইমান্‌হে তাকৰ যে সিহঁতে কেতিয়াবা কুমাৰী ডুমুনীৰ পাণি গ্ৰহণ কৰে আৰু ডোমকে৷ নিজৰ কন্যা দান কৰে। ১৮০ হাড়ী বৃত্তিয়াল—ই জাতিও বহুকাল পূৰ্ব্বে এই দেশলৈ আহে৷ ইহঁতৰ ব্যবসায় ছবিধ। এবিধ স্বৰ্ণালঙ্কাৰাদি নিৰ্ম্মাণ কৰা আৰু এবিধ মল মূত্ৰাদি পৰিষ্কাৰ কৰা। প্ৰথম ব্যবসায়হে প্ৰায় হাড়ীবিলাকে কৰে। ইহঁতৰ স্বতন্ত্ৰ ব্ৰাহ্মণ আছে। হাড়ীবিলাকে ডোমে সইতে কেতিয়াবা কন্যা দিয়া নিয়া কৰে। ডোমৰ দৰে ইহঁতো এই দেশৰ অনাদৃত জাতি। ইহঁতৰ কপালতে৷ আহোম ৰজাবিলাকে বাঢ়নী অঙ্কিত কৰিছিল। চঁড়াল বা চণ্ডাল— এই জাতি প্ৰাচীন জাতি। ইহঁতৰ ব্যবসায় ডোমৰ দৰেই। কেঁতবিলাক চঁড়ালে হিড়া বুলি কয়। ইহঁতৰ ব্যবসায় মাটিৰ বাসন নিৰ্ম্মাণ কৰি বিক্ৰয় কৰা। কুমাৰ্বে যেনেকৈ চক্ৰ বা চাকত চৰু কলহৰ নাভি ছেদন কৰে হিড়াবিলাকে নকৰে। ডোম আৰু হাড়ীৰ দৰে ইহঁতৰে৷ ব্ৰাহ্মণ স্বতন্ত্ৰ। মুসলমান বা গড়ীয়া—ইংৰাজী ১২০৩ সনত যেতিয়া বখতিয়াৰ খিলিজি এই দেশ আক্ৰমিবলৈ আহে তেতিয়াৰ পৰা অসম দেশত এই জাতি মানুহ হ'ল। গৌৰ মহম্মদৰ অধীন আৰু দেশৰ পৰা অহা দেখি মুসলমান বিলাকক গড়ীয়া বোলে। বখতিয়াৰ খিলিজিৰ পাছতো অনেক মুসলমান অনেকবাৰ যুদ্ধলৈ আহে। তেতিয়াও অনেক অসম দেশত থাকি গ'ল। অতি হীনাচাৰী ও দুৰ্ব্বদ্ধি কেতবিলাক মুসলমানক মড়িয়া বোলে৷ মড়িয়াবিলাক মদিৰ৷ পানত বড় প্ৰিয়।