পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ অধ্যায় সুত বা বৰীয়া বিধবা ব্ৰাহ্মণীৰ জাৰজ সন্তানেই এই জাতি। ইহঁতব আচাৰ ব্যবহাৰ আন আন হিন্দুধৰ্ম্মীসকলৰ সদৃশ হলেও ইহঁত আচৰণীয় জাতি নহয়। কালক্ৰমে এই শ্ৰেণীৰ লোক অনেক হোৱাত এটি স্বতন্ত্ৰ জাতি হই পড়িছে। ‘ইহঁতৰ মুখ্য বৃত্তি কৃষি। ১৭৯ যুগী বা কাটনী—এই জাতিব মূল ব্যবসায় পাট-পলু পোষণ কৰা আৰু তাৰ বস্ত্ৰাদি নিৰ্মাণ। কিন্তু ইহঁতৰ কোনো লোকে সেই কাৰ্য্য কৰে অধিকাংশে কৃষি কৰে। ডোম বা নদীয়াল—এই জাতি অসম দেশত বহুকাল পূৰ্ব্বৰে পৰা আছে। ইহঁতৰ ব্যবসায় মাছ ধৰা আৰু তাক বিক্ৰয় কৰা, নৌকা বোৱা, চূণ প্ৰস্তুত কৰা আৰু বিক্ৰয় কৰা। এতিয়া ইহঁতে কৃষি ও আন আন ব্যবসায় কৰিবলৈ ধৰিছে। ব্যবসায়ত ইহঁত অতি হীন জাতি বুলি প্ৰসিদ্ধ। ডোম শব্দ ক'ৰ পৰা ওলাল তাৰ নিৰ্ণয় নাই। ভাটীৰ ফালে যি ডোম আছে সি অতি ঘৃণ্য জাতি। সেই ফালৰ ডোমে পাছি, খৰাহি সাজি বেচে। আৰু কেতবিলাকে শব দাহনাদি, কাৰ্য্যও কৰে। এই ডোমৰ মাঝতে অনেক ব্যবসায়ী লোক পোৱা যায়। বৌদ্ধ ধৰ্ম্ম প্ৰচলিত থাকোঁতে চিৰকালৰ হীন জাতিবিলাকে সেই ধৰ্ম্মত জাতিভেদ নথকাত হিংসাৰ গুণে ব্ৰাহ্মণাদিৰ প্ৰতি বড় উদ্ভণ্ডালি কৰিলে আৰু পাঁছে যেতিয়া হিন্দু ধৰ্ম্ম পুনৰায় সংস্থাপিত হয় তেতিয়া যিসকলে হিন্দু ধৰ্ম্ম শীঘ্ৰে নললে বা পূৰ্ব্বৰ বৌদ্ধাচাৰ নেড়িলে সিসকলকে হিন্দু- স্‌কলে ঘৃণা কৰি· ডোম বুলিলে। এই নিমিত্তে সিসকলে কালক্ৰমে শ্ৰেণী হই এনে হ’ল যে ডোম শব্দে অহিন্দু নোহোৱা বুঝায়। মুঠকৈ হ’লে এতিয়৷ ডোম বুলিলে ওপৰত আমি যি ব্যাখ্যা দিছো, সেইটোহে বুঝাইছে। অসম দেশত যেতিয়া বৌদ্ধ ধৰ্ম্ম চলিছিল তেতিয়া ই জাতিৰ লোকসকলেও সি ধৰ্ম্ম মানিছিল। পিছে যেতিয়া হিন্দুধৰ্ম্ম ক্ৰমে অসম দেশত পুনঃ আকৌ চলিবলৈ ধৰিলে তেতিয়াও ইহঁতে সেই আচাৰকে ধৰি আছিল। ব্ৰাহ্মণসকলে সিহঁতক শৰণ নিদিছিল। নিমিত্তে ইহঁতে কলিতাকে গুৰু বুলি মানিলে। যেতিয়া শঙ্কৰ আৰু মাধবদেৱে ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ ধৰিলে তেতিয়াৰ পৰা ডোমে ব্ৰাহ্মণ সাধুত শৰণ