পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী কিছু সদাচাৰী৷ কিয়নো অনেক ৰাজবংশীৰ আচাৰ শ্লেচ্ছৰ আচাৰৰ নিচিনা দেখা গইছে। কেঁাঁচৰ ব্যবসায় কৃষি। নট—এই জাতিৰ লোক তাকৰ। কামৰূপৰ ফালে এই জাতিয়ে নাট্য ব্যবসায় কৰে। উজনিৰ ফালৰ, অনেক নটে নাপিত বুলি কয়। এই জাতি বিশ্বসিংহ আৰু নৰনাৰায়ণ ৰজাৰ দিনত অসম দেশলৈ ভাটীৰ পৰা আহে। এই জাতিৰে৷ সাধাৰণ ব্যবসায় কৃষিকে দেখা গইছে। ১৭৮ নাপিত—কামৰূপত এই জাতিৰ লোক স্বনামে প্ৰসিদ্ধ। কিন্তু উজনি অঞ্চলত নট বোলে। ওপৰত কোৱা সময়েই ই জাতি অসম দেশলৈ আহে। কামৰূপৰ নীলাচল পৰ্ব্বতত নৰনাৰায়ণ ৰজাই কিছুমান নাপিত ভাটীৰ পৰা আনি বসতি কৰায়। যিসকলে নাপিত বুলি পৰিচয় দিয়ে সিসকলে স্বজাতি ব্যবসায়ো কৰে আৰু কৃষিও কৰে। পটীয়া—এই জাতিৰ আদি ব্যবসায় পাটী সজা, কিন্তু এতিয়৷ ইয়াত ইহঁতে কুষি কৰিবলৈ ধৰিছে। এই জাতি শঙ্কৰদেৱৰ সময়তে ই দেশলৈ আহে এনে অনুমান হয়। পশ্চিমৰ ফালে বেতী বা পেটী নামে এই জাতিৰ সদৃশ.এক জাতিৰ নাম পোৱা যায়। কুমাৰ—কুমাৰবিলাকে কুমাৰ কলিতা বুলি কয়। অসম দেশত কুমাৰে নিজ ব্যবসায় আৰু কৃষি দুয়োকো কৰে। শুঁড়ি—শুঁড়ি বৈদিক শৌক্তিক জাতি। মদ প্ৰস্তুত আৰু বিক্ৰয় ক্লৰা ইহঁতৰ প্ৰধান ব্যবসায় হলেও এই দেশত মদ্য পান অনাদৃত আৰু যিসকলে ব্যবহাৰ কৰে সিসকলে নিজে প্ৰস্তুত কৰাত শুঁড়িবিলাকে কৃষিকে অবলম্বন কৰিলে৷ এই জাতি নিচেই আধুনিক। ধোবা—কোনো কোনো ধোবাই ধোবা কলিতা বুলি অভিমান কৰে। শঙ্কৰদেৱৰ-পূৰ্ব্বে এই জাতি অসম দেশত থকাৰ প্ৰমাণ পোৱা নাযায়। এই দেশত সকলে৷ লোকে নিজ ঘৰতে কাপোড় ধুই লোৱাত ধোবাবিলাকে ব্যবসায়চ্যুত হই কৃষি বৃত্তি অবলম্বন কৰিলে। এই জাতিয়ে এতিয়| বস্ত্ৰ ধৌত ব্যবসায় নকৰে। শালৈ—এই জাতি এক প্ৰকাৰ শুঁড়ি বিশেষ। ইহঁতৰ কৃষিয়েই প্ৰধান উপজীব্য। কাৰো মতে শালৈ এক প্ৰকাৰ কেওট।