পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 চতুৰ্দ্দশ অধ্যায় - বজাৰ দিনৰ পৰা অৰ্থাৎ যেতিয়াৰ পৰা দেশত পীয়ল পঞ্চক চলিবলৈ ধৰিলে তেতিয়াৰে পৰাহে এই দেশলৈ কায়স্থ আহে। আহোমৰ গদাধৰ আৰু ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনতো কেইঘৰমান কায়স্থ অসম দেশলৈ আহে। কলিতা—এই জাতি বহুকাল পূৰ্ব্বৰে পৰা অসম দেশত আছে। কৃষি ইসকলৰ প্ৰধান ব্যবসায়। শঙ্কৰদেৱৰ সমকালতে দেৱগোপাল দেৱৰ লগত পশ্চিম প্ৰদেশৰ পৰা অহা কেজনমান ক্ষত্ৰিয়ও ই জাতিৰ অন্তৰ্গত হইছে। কলিতাবিলাকৰ মাঝতো অনেক মহাজন আছে। সিসকলে আৰু আন আন কোনোবিলাকে কায়স্থ বুলি পৰিচিত হয়। প্ৰকৃতাৰ্থে জাতি মালাৰ প্ৰতি দৃষ্টি কৰিলে ই জাতি কায়স্থতকৈ শ্ৰেষ্ঠ। কিন্তু হাল বোৱা আৰু কৃষি ব্যবসায় কৰাৰ নিমিত্তে অনেকে হীন বিবেচনা কৰে। কেওট—এই জাতি আদিৰে পৰা অহা জাতি। ইয়াৰ ব্যবসায় কৃষি। কেওটবিলাক কৈবৰ্ত্ত জাতিৰ অন্তৰ্গত, কিয়নে৷ কৈবৰ্ত্তৰ ভিতৰত যেনেকৈ জালোৱা অৰ্থাৎ জাল বাই মাছ ধৰা কৈবৰ্ত্ত, আৰু হালোৱা অৰ্থাৎ হালবাই কৃষি কৰা কৈবৰ্ত্ত আছে, কেওটৰ মাঝতো তেনে। যি বিলাক কেওট জালোৱা কেওট বুলি প্ৰসিদ্ধ, সিসকলে মাছ ধৰি বিক্ৰয় কৰে। অথচ অসম দেশৰ প্ৰসিদ্ধ ডোম জাতিৰ অন্তৰ্গত নহয়। কোনো কোনো কেওটে সৰু কলিতা বুলিও অভিমান কৰে। কেঁাঁচ–ই জাতিৰ মূল দেশ কেঁাঁচবিহাৰ অঞ্চলৰ কোনো প্ৰদেশ। এই জাতি আদি বাসী, বহুকাল পূৰ্ব্বে ইহঁতে হিন্দুধৰ্ম গ্ৰহণ কৰে। এই জাতি অনাৰ্য হলেও ইহঁতৰ স্বতন্ত্ৰ ভাষা নথকা আৰু অনাৰ্য্য জাতিবিলাকে হিন্দুধৰ্ম্ম গ্ৰহণ কৰিলে এই জাতিৰ অন্তৰ্গত হোৱাত ই জাতিক সংস্কৃত ভাষামূলক জাতিৰ মাঝত পৰিগণিত কৰা গইছে। কছাৰী লালুং প্ৰভৃতি জাতি হিন্দুধৰ্ম্মক আশ্ৰয় কৰিলে প্ৰথমে সিহঁতে সৰু কেঁাঁচ হয় তাৰ পিছত সাধাৰণ কেঁাঁচ জাতিৰ অন্তৰ্গত হই যায়। সেই কাৰণে কেঁাঁচৰ মাঝত সৰু কেঁচি আৰু বড় কেঁাচ ই দুই বিভাগ হইছে। কেঁাঁচ-বেহাৰৰ ৰজা কেঁাঁচ বংশৰ হোৱাৰ নিমিত্তে ভাটী অঞ্চলৰ কেঁাঁচে ৰাজবংশী বুলি কয়। সেইফালৰ কেঁাঁচতকৈ উজনি ফালৰ কেঁাচবিলাক ২৩ ১৭৭