পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী সংস্কৃত ভাষামূলক যি যি জাতিৰ ভাষা তাৰ সংক্ষেপে বিবৰণ এই। ব্ৰাহ্মণ বা বামুণ—ভাৰতবৰ্ষত যিমান জাতি আছে সকলোতকৈ ব্ৰাহ্মণ শ্ৰেষ্ঠ। এওঁবিলাকৰ মূল ব্যবসায় যজন, যাজন, দান, প্ৰতিগ্ৰহ, অধ্যয়ন আৰু অধ্যাপন। ব্ৰাহ্মণসকলে ই দেশত হলাকৰ্ষণ নকৰে। অন্যৰ সাহায্যেৰে কৃষি কৰে। অসম দেশলৈ প্ৰথম যেতিয়৷ আৰ্য্য জাতিৰ আগমন হয়, তেতিয়াই এই জাতি আহে। কিয়নো ভীষ্মক ৰজাৰ দেশত ব্ৰাহ্মণৰ নিবাস আছিল। তাৰ পাছেও অনেক ব্ৰাহ্মণ ই দেশলৈ সময়ে সময়ে আহে। বৌদ্ধ ধৰ্ম্ম প্ৰবল হোৱাত ইবিলাকৰ আচাৰ হীন হইছিল। শঙ্কৰ আৰু মাধবদেৱে যেতিয়া বৈষ্ণব ধৰ্ম্ম দেশত প্ৰবৰ্ত্তন কৰায় তেতিয়৷ ব্ৰাহ্মণসকলে অনেক বাধা দিলেও শেষত তেওঁবিলাকৰ সংস্থাপিত ধৰ্ম্ম অনেকেই আকৌ গ্ৰহণ কৰিলে। জাতি বিষয়ক পৌৰাণিক বন্ধন এই জাতিৰ মাঝত বড় শকত। এই জাতিৰ লোকেই অনেক মোহন্ত বা মহাজন এওঁবিলাকে ধৰ্ম্ম প্ৰবৰ্ত্তন কৰায়। ই দেশত বল্লালী মৰ্য্যাদাৰ ব্ৰাহ্মণ নাই। প্ৰায় সকলোবিলাকৰে যজুৰ্ব্বেদ আৰু কাম্ব শাখা। সামবেদী ব্ৰাহ্মণ অতি তাকৰ। এই দেশলৈ মিথিলা প্ৰদেশৰ ব্ৰাহ্মণ অধিক অহা অনুমান হয়। অনেক ব্ৰাহ্মণে কৌনজপুৰ বা কান্যকুব্জৰ পৰা অহা বুলি কয়।* সূৰ্য্যবিপ্ৰ গণক দৈবজ্ঞ, বা গ্ৰহবিপ্ৰ—ই সকলৰ ব্যবসায় জ্যোতিষ গণনা। এওঁবিলাকৰ আচাৰ ব্ৰাহ্মণৰ সদৃশ। ভাৰতবৰ্ষৰ আন আন দেশত ই জাতি যিমান অনাদৃত হেন দেখি, এই দেশত তিমান নহয়। . ই জাতি বহুকালৰ পূৰ্ব্বে অসম দেশলৈ আহিছে। এনে অনুভব হয়, কিয়নো শুভাশুভ গণনা বৈদিক জাতিৰ প্ৰধান আদৰৰ বিষয়। ১৭৬ কায়স্থ বা কাইথ—এই জাতি “সচ্ছুদ্ৰ” অৰ্থাৎ ভাল শূদ্ৰ। ই জাতিৰ লোকেও নিজে হলাকৰ্ষণ নকৰে। যিসকলে কৰে, সিসকল কলিতা জাতিৰ অন্তৰ্গত হয়। এই জাতিৰে৷ অনেক মোহন্ত আছে। কমতাপুৰৰ দুল্লভ নাৰায়ণ ৰজাৰ দিনত ছঘৰ কায়স্থ ভূঁয়া নামে খ্যাত হই ই অঞ্চললৈ আহে। শঙ্কৰদেৱ তাৰে এঘৰৰ সন্তান। নৰনাৰায়ণ

  • এই দেশলৈ বঙ্গ আৰু শ্ৰীহট্ট দেশৰো ব্ৰাহ্মণ আহে। ই সকলোৰে বৈদিক শ্ৰেণী।