পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দ্দশ অধ্যায় যি যি জাতিৰ ভাষা সংস্কৃতমূলক নহয় আৰু যিবিলাক আমাৰ দেশৰ চাৰিওফালে বা দেশৰ ভিতৰত আছে সিসকল লোকৰ কথা ওপৰৰ অধ্যায়ত লিখা গইছে। এতিয়া যিসকলৰ ভাষা সংস্কৃতমূলক তাৰ বিবৰণ লিখা যাব। ই দেশৰ জাতি বিষয়ে ই বড় আশ্চৰ্য্য নিয়ম যে ইয়াত জাতিবন্ধন অতি শিথিল। বস্তুতঃ ব্যবসায় অনুসাৰে জাতি নিৰ্ণয় হইছে। কিন্তু ই দেশত এক জাতিৰ ব্যবসায় অন্য জাতিয়ে অনায়াসে কৰে। ভাৰতবৰ্ষৰ আন আন দেশৰ দৰে ইয়াত জাতিৰ বন্ধন টান নহয়। ইয়াৰ এই মাত্ৰ কাৰণ অনুভব হয় যে মাঝৰ সময়তে ই দেশত বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাৱ হোৱাৰ নিমিত্তে জাতি বন্ধন ক্ৰমে ঢিলা হই গ'ল। বিশেষ ব্যবসায় অবলম্বন কৰা বা শিল্পী মানুহৰ সংখ্যা কম হোৱাৰ হেতুকে জাতি বন্ধনৰ শিথিলতা অবলম্বন দৃষ্ট হয়। ইয়াৰ দ্বাৰ৷ অনেকাংশে অপকাৰো হইছে। যেতিয়ালৈকে ব্ৰিটিশ শাসনৰ অনুযায়ী অবস্থ৷ ইয়াতকৈ উন্নতি নহয় তেতিয়ালৈকে মূল দোষ গুণ বুঝিব পৰা নাযায়৷ এতিয়া এই দেশত স্বাধীন ব্যবসায় অবলম্বন কৰা লোকৰ সংখ্যা অতি তাকৰ। এক প্ৰকাৰে ক'ব লাগিলে প্ৰায় সকলো জাতিবে মূল অবলম্বন কৃষি। আন আন যি ব্যবসায় অবলম্বন কৰা লোক দেখি সি অতি অল্প, এই ভাৰতবৰ্ষত অতি পূৰ্ব্বে যি নিয়ম চলিছিল তাৰ দ্বাৰা ই দেশৰ নিয়মানুসাৰে যে কৃষি ব্যবসায়েই প্ৰধান ইয়াৰ যথেষ্ট প্ৰমাণ পাব পাৰি৷ বশিষ্ঠাদি অনেক মুনিয়ে আপুনি হলাকৰ্ষণ কৰি ক্ষেতি কৰিছিল। এবং জনকাদি অনেক ৰজাই কৃষিকাৰ্য্যত উৎসাহী থকাৰ কথা পুৰাণাদিত পোৱা যায়। পূৰ্ব্বকালত মুদ্ৰা বা টাকা নাছিল। কেবল এক বস্তুৰ বিনিময়ে আন বস্তু পোৱাৰ নিয়ম আছিল। সুতৰাং সকলোৱে আপোন আবশ্যকীয় বস্তু আপুনি উপাৰ্জ্জন কৰিব লাগিছিল। সেই নিয়ম অসম দেশতো প্ৰচলিত থকাত আশ্চৰ্য্য বুলিব নোৱাৰি।