সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
দ্বিতীয় অধ্যায়

অনাৰ্য্য জাতিৰে মিলিল সেই সকলবে এইসকল সন্তান। যি বিলাক, নামনিৰ হাবুঙ্গ অঞ্চলত থাকিল, সেই সকলেই ব্ৰাহ্মণ থাকিল। মিশ্‌মী বিলাকৰ কোনো কোনো এনে কথা আছে যে সি সংস্কৃতমূলক তাৰো এই কাৰণেই অনুমান হয়।

 পৌৰাণিক গণনাৰে পৰশুৰাম ত্ৰেতা যুগত অৱতাৰ হয়। সেইটো নধৰিলেও যে এই উপনিবেশ ৰুক্মিণীৰ বিবাহ আৰু মহাভাৰতৰ যুদ্ধৰ পূৰ্ব্বে সংস্থাপিত ইয়াত একো সংশয় নাই। এই বাপু সকলৰ প্ৰাই এই দেশত বৈদিক ধৰ্ম্ম প্ৰচাৰিত হয় আৰু বিস্তৰ লোকে তাক আশ্ৰয় কৰে। আৰ্য্যাবৰ্ত্তৰ পৰা যি ব্ৰাহ্মণ, ইয়াৰ পাছে ইয়ালৈ আহে সেই সকলৰ আগত হাবুঙ্গীয়া বাপু সকল হীনাচাৰ ৰূপে পৰিগণিত হ’ল। এই হাবুঙ্গীয়া বাপু এজনাই তাও খাম্‌থি ৰজাৰ এজনা কুঁৱৰীক আশ্ৰয় দিয়ে আৰু তেওঁৰ পুত্ৰ চুডাঙ্গফাৰ দিনত প্ৰধান অমাত্য হয়। এই ব্ৰাহ্মণৰ নিমিত্তে সেইজনা ৰজা “বামুনী কোঁৱৰ” নামে প্ৰসিদ্ধ। হিন্দু ধৰ্ম্মৰ বীজ এইজনা ৰজাৰ দিনতে আহোমৰ মাঝত প্ৰবেশ কৰে। ( ১৩২০–২৯ শঁক ) এই দেশৰ অনেক ব্ৰাহ্মণেই এই সকল ব্ৰাহ্মণৰ সন্তান। পাছে যি সকল ব্ৰাহ্মণ এই দেশলৈ আহে সেই সকলৰ যি বিলাকে আপোনাৰ ভাৰ্য্যা লগত লই অহা নাছিল সেই বিলাকে এই হাবুঙ্গীয়া বাপু সকলৰ জীয়াৰীহে বিবাহ কৰাইছিল।

 ক্ৰমে আৰ্য্যজাতিৰ প্ৰভাব অধিক হই অহাত এই দেশলৈ অনেক লোক ভাটীৰ পৰা আহে। কোনো প্ৰাচীন গ্ৰন্থত এনেকেই লিখিছে “লৌহিত্যৰ উত্তৰ কূলত সদাই জাহ্নবী গঙ্গা ৱয়, আৰু তাৰ উত্তৰ কূলৰ ব্ৰাহ্মণাদিতকৈ দক্ষিণ কূলৰ ব্ৰাহ্মণাদি জাতি হীনাচাৰী৷ এই কথাৰ দ্বাৰা এনেটো প্ৰমাণ হয় যে উত্তৰ কূল প্ৰদেশ আৰ্য্যাবৰ্ত্ত বা ভাটীৰ নিকটৱৰ্ত্তী হোৱাৰ নিমিত্তে সেই ঠাইলৈ সদাই আৰ্য্যজাতিৰ গমনাগমন হইছিল। দক্ষিণ কূলৰ লোক সকলে সইতে তিমান সম্পৰ্ক নাছিল। আৰু এইবিলাক তাৰ পূৰ্ব্বে আহি বাস কৰা লোক। এতিয়াও কামৰূপত দক্ষিণ আৰু উত্তৰ কুলৰ ব্ৰাহ্মণ সকলৰ মাঝত সচৰাচৰ কন্যাদান বা গ্ৰহণ নহয়।

 এই দেশত কলিতা নামে এজাতি আচৰণী মানুহ আছে, উত্তৰ পূৰ্ব্ব বঙ্গদেশতো এই জাতি লোক আছে বুলি জনা গইছে। অনেকে অনুমান