পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় আহি বড় বিশ্বাসঘাতকৰূপে সেই সাহাব আৰু আন কিছুমান মানুহক কাটিলে। ১৯৭ জন লোকব মাঝত সেই সাহাব প্ৰমুখে সৰ্ব্বমুঠে ৮০ জন মানুহ বধ কৰে আৰু ৫১ জন লেকিক প্ৰাণ সংশয়ৰূপে আঘাত কবে। এই বিশ্বাসঘাতক কাৰ্য্যৰ শাস্তিৰ নিমিত্তে আমাৰ গবণমেন্টে বিশেষ উদ্যোগ কৰি সেই বিদ্ৰোহী অসভ্যবিলাকক যথোচিত শাস্তি দিলে। ও ভাৰতবৰ্ষব গবৰ্ণৰ জেনেবেল মহামান্য লৰ্ড নৰ্থব্ৰুক সাহাব ই বছৰৰ আগষ্ট মাহত এই অভিনব প্ৰদেশ সৃষ্টি কৰি তাৰ অবস্থ৷ জানিবলৈ আহিল। শ্ৰীহট্ট, কাছাৰ, শিলং আৰু গুৱাহাটীত অবস্থিতি কৰি পুনঃ কলিকতালৈ গ'ল। গবৰ্ণব জেনেবেলে আপুনি দেশৰ অবস্থা দেখি যোৱাত এনেটে৷ আশা কৰা হইছে যে শীঘ্ৰ ইয়াৰ মঙ্গল আৰু উন্নতি হ’ব। প্ৰায় ১৮২৪ সনৰে পৰ৷ আজিলৈকে অসম দেশত ব্ৰিটিশ শাসনৰ সময় পঞ্চাশ বৎসৰ হইছে। ইয়াতে দেশৰ সকলো প্ৰকাৰ উন্নতি হ'ব লাগিছে। ইয়াতে এনে বোধ হয় জগদীশ্বৰে এই দেশৰ মঙ্গলৰ অৰ্থেহে ইয়াক ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীন কৰিছে। আমাৰ এই আশা যে সফল হ’ব তাৰ প্ৰমাণ যি ফাললৈ চোৱা যায় সি ফালেই দেখিব পাৰি। এতিয়া ৰাজস্বখিনি দিব পাৰিলেই পৰম সুখে নিৰু- পদ্ৰবে প্ৰজাসকলে থাকিব পাৰে। সি কাৰণে লোকৰ সুখ সম্পত্তি ক্ৰমে বৃদ্ধি হই আহিছে। ৰাজস্ব দি সপৰিবাৰে খাই লই থাকি যি উৎপন্ন হয় তাক আপোনাৰ ভঁড়ালত থ’ব পাৰিছে। তাৰ প্ৰতি কোনো অত্যাচাৰ হ’ব নোৱাৰে। লোকসকলে এই সুশাসনত পৰম সুখে থাকি পৰমেশ্বৰক ধন্যবাদ কৰিছে। আমাৰ শ্ৰীশ্ৰীমতী ভিক্টোৰীয়া মহাৰাণীৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুক্ত যুবৰাজ এডৱাৰ্ড প্ৰিন্স অব ওয়েলস ১৮৭৫ সনৰ নবেম্বৰ মাহত ভাৰতবৰ্ষ ভ্ৰমণ 143 কৰিবলৈ আহে। ভবিষ্যতলৈ এইজনাই. আমাৰ ৰজা হ'ব। ভাৰতবৰ্ষ আপুনি দেখাৰ পৰা ভাৰতৰ বহু উপকাৰৰ আশা। সেই হলে আমাৰ দেশৰো তাৰ লগে লগে উপকাৰ হ’ব এনে আমি বাঞ্ছা কৰোঁ। কৰ্ণেল কিটিং সাহাবে পদত্যাগ কৰি স্বদেশলৈ যোৱাৰ পাছত