সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
আসাম বুৰঞ্জী

পাড়া পুনৰায় অসমৰ অধীনলৈ আহিল এবং প্ৰথমে কাছাৰ আৰু পাছে শ্ৰীহট্ট জিলাও বঙ্গ প্ৰদেশৰ পৰা ফালি আনি চীফ কমিশ্যনৰৰ অধীন কৰি দিলে। এতিয়া আসাম দেশৰ সীমা পূৰ্ব্বতকৈ অনেক বাঢ়িল। কিন্তু ইয়াৰ পৰা যে কিবা অসুবিধা হ’ব এনে নহয় কিয়নো স্থানৰ ব্যাপকতাৰ লগে লগে প্ৰধান কমিশ্যনৰৰ ক্ষমতা আৰু কৰ্মচাৰীৰো সংখ্যা অধিক কৰা হ’ল।

 এই প্ৰধান কমিশ্যনৰৰ অধীনে ৪৬৩৪১ বৰ্গ মাইল ভূমি আৰু ৪৮৮১৪২৬ জন প্ৰজা। এওঁৰ ওপৰত এই সকলো প্ৰজাৰ শুভাশুভ নিৰ্ভৰ কৰে।

 দৰঙ্গ জিলাৰ উত্তৰ ফালৰ পৰ্ব্বতত থকা ডফলা জাতিয়ে সময়ে সময়ে আমাৰ মানুহৰ পৰা পচা তুলি নি অনেক উপদ্ৰব কৰে। এবং কেতিয়াবা নামনিৰ পৰা মানুহ ধৰি নি বন্দি কৰি থয়। বিশেষ পৰ্ব্বতে সইতে আমাৰ সীমা ধাৰ্য্য কৰাতো ইহঁতে বাধা দিয়ে। এই বিলাক উপদ্ৰব নিবাৰিবলৈ ই বছৰৰ শীত কালত গবৰ্ণমেণ্টে ডফলাৰ বিৰুদ্ধে কিছুমান সৈন্য পঠায়। নাৰায়ণপুৰত এই সৈন্যৰ প্ৰধান ছাউনী হয়। ক্ৰমে আমালোকৰ সৈন্য ওপৰলৈ উঠি ডফলাৰ প্ৰধান প্ৰধান গ্ৰামসকলক বশবৰ্ত্তী কৰি ধৰি নিয়া বন্দী কিছুমানক মুক্তি প্ৰদান কৰে। গ্ৰামবিলাকৰ অনেক মেঠন গৰু ইত্যাদি বস্তু দি ব্ৰিটিশ গবৰ্ণমেণ্টৰ শৰণাগত হ’ল। সিহঁতৰ দেশ অনেক ভাগ প্ৰকাশিত, পীয়ল আৰু নক্সা কৰা হই এই যুদ্ধ যাত্ৰা শেষ হ’ল।

 আজি দুবছৰমানৰ পাছৰে পৰা আমালোকৰ চাৰিওফালে সীমা ধাৰ্য্য আৰু তাৰ সাধাৰণ পীয়ল কৰা উচিত বোধ হোৱাত গবৰ্ণমেন্টে প্ৰতি জাৰকালি বিশেষ কৰ্ম্মচাৰী, নগা পৰ্ব্বতলৈকো পঠাইছে। এই বছৰৰ শীত কালৰ আৰম্ভতে আকৌ জয়পুৰৰ ফালে লেপ্টেনেণ্ট হলকম্ব আসিষ্টান্ট কমিশ্যনৰ সাহাব ত্ৰিকোণ যন্ত্ৰৰ পীয়ল কৰা সাহাব এজনাই সইতে জয়পুৰৰ ফালে নগা পৰ্ব্বতত পীয়ল কৰিবলৈ আৰম্ভ কৰে। ১৮৭৪ সনৰ ১ ফেব্ৰুৱাৰীৰ দিনা তেওঁবিলাক নিলু গাঁওত থকাত কেতবিলাক নগাই লেপ্টেনেণ্ট হলকম্ব সাহাবে সইতে সাক্ষাৎ কৰিবলৈ