সুফল নোপোৱাত নগাঁওৰ ফুলগুড়িতে ১৮৬১ সনৰ অক্টোবৰত অনেক লোক আপীল কৰিবৰ নিমিত্তে সমবেত হয়। আসিষ্টাণ্ট কমিশ্যনৰ লেপ্টেনেণ্ট সিঙ্গেৰ সাহাব সিহঁতৰ অভিপ্ৰায় জানিবলৈ যোৱাত এটা হুৰা-মূৰা লাগে। তাতে সিঙ্গেৰ সাহাবৰ বধ হয়। পাছে দোষীসকলৰ বিচাৰ হলত অনেকে যথোচিত শাস্তি পালে।
১৮৬২ সনৰ জানুৱাৰীৰ পৰা ফৌজদাৰীৰ দণ্ডবিধি আৰু কাৰ্য্যবিধি এই দেশত প্ৰচলন হয়। ই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধিকাৰ হ’বৰে পৰা কোনো উচ্চ কৰ্ম্মচাৰী ইয়ালৈ অহা নাই। পাছে মেং বিডেন সাহাব লেপ্টেনেণ্ট গবৰ্ণৰ হই এই সনৰ বৰ্ষত অসম দেশ পৰিভ্ৰমণ কৰিবলৈ আহে। এওঁৰ শুভাগমনৰ পৰা দেশৰ উন্নতিৰ আৰু উপায় হ’ল। কিয়নো তেওঁ আপোন চকুৰে দেশৰ অৱস্থা দেখিলে।
এই সনতে খাশীয়া আৰু জয়ন্তা পৰ্ব্বত জিলাত এক ভয়ানক বিদ্ৰোহ হয়। সি ঠাইৰ লোকবিলাকৰ পৰা এবিধ টাক্স্ গ্ৰহণ কৰাৰ আজ্ঞা গবৰ্ণমেণ্টে দিয়াত সেই আজ্ঞা প্ৰতিপালনৰ বিষয়ে কৰ্ম্মচাৰীসকলে উদ্যোগ কৰে। তাতে কেতবিলাক লোকে সি আজ্ঞাৰ বিপৰীতাচৰণ কৰিব খুজি বিদ্ৰোহ কৰে। সি বিদ্ৰোহ কিছু দিনৰ মূৰত নিবাৰণ কৰা হ’ল। কিন্তু ইয়াৰ পৰা দেশৰ বিশেষ অনিষ্ট নহ’ল।
আসাম কোম্পানী সংস্থাপন হ’বৰ পৰা চাহৰ ক্ষেতি বঢ়কৈ হ’ব ধৰিলে। এই দেশত যিমান অৰণ্য আৰু পতিত ভূমি আছে তাক আবাদ কৰিবলৈ আৰু দেশত কৃষিৰ সুবিধা কৰিবলৈ গবৰ্ণমেণ্ট এই নিৰ্দ্ধাৰণ কৰিলে যে কোনো কোনো নিৰ্দিষ্ট পতিত ভূমি নীলামত বিক্ৰয় হ’ব বা দীৰ্ঘ কালৰ নিমিত্তে পাট্টা কৰি দিয়া হ’ব। ই নিয়ম প্ৰচলিত হ’লত ইউৰোপীয় উৎসাহপূৰ্ণ লোকসকলে চাহৰ ক্ষেতিৰ নিমিত্তে ইয়ালৈ ধনৰ স্ৰোত প্ৰেৰণ কৰিলে। অনেক ঠাইত চাহৰ বাড়ী হ’ল। সিসকলৰ উৎপন্ন ক্ৰমে উন্নত হ’বলৈ ধৰিলে কিন্তু ই দেশৰ প্ৰজা অতি কম। যিবিলাক আছে সিও আপোনাৰ কৃষি পৰিত্যাগ কৰিব নোখোজে। এই নিমিত্তে বিদেশৰ পৰা শ্ৰমজীবী মানুহ বা কুলী চাহ কোম্পানীয়ে আনিব ধৰিলে। ইসকলক অনা, ৰখা, ও কৰ্ম্ম কৰোৱাৰ নিমিত্তে বিশেষ আইন প্ৰচলন হ’ল। ১৮৬৬
২২