পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী সনত নান৷ কাৰণত চাহৰ অনেক কোম্পানী যোত্ৰহীন হ’ল এবং চাহৰ পৰা লাভৰ পথ কমিল। সকলো সময়ত সকলে৷ বিষয়ৰ অবস্থ৷ একেদৰে নাথাকে। এই কাৰণে সেই চাহৰ কৃষিৰ আৰু বাণিজ্যৰ উন্নতি লাহে লাহে হই আহিছে। ইংৰাজী ১৮৬৪ সনত ভোটানৰ যুদ্ধ হয়। সেই যুদ্ধত ব্ৰিটিশ গবৰ্ণমেণ্টেই জয়ী হয়। এবং ভোটানৰ অধীন যি নামনি ঠাই আছিল আৰু যাক দুৱাৰ বোলে, সিসকলে৷ ১৮৬৫ সনত সিঞ্চোলা নামে ঠাইত হোৱা সন্ধি পত্ৰ অনুসাৰে আমাৰ গৱৰ্ণমেণ্টৰ হস্তগত হ'ল। ইয়াৰ পূৰ্ব্বে গবৰ্ণমেণ্টৰ অধীন হোৱা বাস্কা প্ৰভৃতি দুৱাৰৰ নিমিত্তে ভোটৰাজ্যে গবৰ্ণমেণ্টৰ পৰা কিছু বাৰ্ষিক বৃত্তি পাইছিল। এই সন্ধি পত্ৰৰ নিয়মানুসাৰে সেই বৃত্তি দিব নলগা হ'ল। গাৰে৷ আৰু নগাবিলাকৰ অনেক গ্ৰামে আমাৰ গবৰ্ণমেণ্টক কিছু কিছু কৰ দি অধীনত৷ স্বীকাৰ কৰিছিল। কিন্তু অনেক স্বাধীন আছিল। সিহঁতে সময়ে সময়ে গবৰ্ণমেণ্ট প্ৰজাৰ প্ৰতি অহিতাচাৰ কৰে। বিশেষ সিহঁতক সভ্য কৰ৷ নিতান্ত প্ৰয়োজনীয় হোৱাত আৰু সিহঁতৰ দৌৰাত্ম্য নিবাৰণ কৰা উচিত হোৱাত সেই সেই ঠাইত দুখনি জিল৷ ১৮৬৬ সনত পতা হ’ল৷ গাড়ো পৰ্ব্বতৰ ৰাজধানী তুৰা আৰু নগ৷ পৰ্ব্বতৰ ৰাজধানী শ্যামাগুটিং হ'ল। এই দুই জিল| হোৱাৰ পৰ৷ সিহঁতৰ অত্যাচাৰও কমিছে আৰু সিহঁতৰ সভ্য হ’বৰে৷ অনেক উপায় হইছে। মৃত ইস্কাট সাহাবৰ দিনৰে পৰা গুৱালপাড়া জিলা আৰু গাড়ো পৰ্ব্বত অসম দেশৰ কমিশ্যনৰৰ অধীন আছিল আৰু কেঁাঁচবিহাৰৰ কাৰ্য্যৰ প্ৰতি দৃষ্টিৰ নিমিত্তে গবৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ কৰ্ম্মও সি কমিশ্যনৰেই কৰিছিল। ই বছৰতে গুৱালপাড়া ও কেঁাঁচবিহাৰ আমাৰ- কমিশ্যনৰৰ হাতৰ পৰা গুছোৱা হই স্বতন্ত্ৰ এজন কমিশ্যনৰ নিযুক্ত হ’ল। এই দেশত ব্ৰিটিশ সুশাসনৰ নিমিত্তে সকলো প্ৰকাৰে লোকৰ সুখ সন্তোষ হ’ল। ভিন্ন দেশীয় শত্ৰুৰ ভয় নাই। দুষ্টবিলাকৰ দমন ১৭০

  • এই সনতে গুৱাহাটীৰ ইংৰাজী স্কুলটিক হাই ইস্কুল পতা হইছিল পাছে সি

লোপ পাই আকৌ সাধাৰণ শ্ৰেণীৰ ইস্কুল হ’ল।