পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী আনিলে। এই ঘটনাত অন্য দেশৰ দৰে ই দেশৰ সৰ্ব্ব সাধাৰণ লোকৰে৷ সন্তোষ হ’ল। কিয়নো দেশৰ আৰু উন্নতি হ'ব এনেটে৷ সকলোবে আশা হ’ল। ১৬৮ ইয়াৰ পূৰ্ব্বে ই দেশত যিবিলাক দলীল বা নিদৰ্শন পত্ৰ হইছিল সি সকল ষ্টাম্প নোহোৱা কাকতত হইছিল। কিন্তু ১৮৫৮ ইংৰাজী সব পৰা যি নিয়ম ৰহিত হই দেশত ষ্টাম্প প্ৰচলিত হ’ল। ইংৰাজী ১৭৯৩ সনৰ পৰা ই দেশত আফিঙ্গ বা কানী লোকে ব্যৱহাৰ কৰিবলৈ ধৰিলে। এবং তাৰ কৃষিও সৰ্ব্বত্ৰে ব্যাপ্ত হ'ল। ইয়াক ব্যবহাৰৰ পৰা দেশীয় লোক দুৰ্ব্বল আৰু অলস হই গ'ল। ইয়াৰ কৃষি নিবাৰণ কৰিলে তাৰ ব্যবহাৰ হ্ৰাস হ’ব অথচ ৰাজস্বৰে৷ বৃদ্ধি হ’ব, এই ভাবি ১৮৬০ সনত কানীৰ ক্ষেতি নিষেধ কৰা হ’ল। গবৰ্ণমেণ্টৰ পৰা যি আফিঙ্গ বিক্ৰয় হ’ব সিয়েই দেশত ব্যবহাৰ হ’বৰ আজ্ঞা প্ৰচাৰ কৰিলে। এই আজ্ঞাৰ পৰা এনে আশা কৰা গইছে যে এই কুব্যবহাৰ ক্ৰমে হ্ৰাস হ’ব। এই সনত দেওৱানী বিচাৰ কাৰ্য্যৰ নিমিত্তে ১৮৫৯ সনৰ ৮ আইন ই দেশত প্ৰচলিত হয়। তাৰ দ্বাৰা আসাম কায়দা বন্দীৰ সেই বিষয়ৰ নিয়মবিলাক অপ্ৰচলিত হ’ল। ইংৰাজী ১৮৬১ সনৰ ফেব্ৰুয়াৰীত এই দেশৰ কমিশ্যনৰ কৰ্ণেল জেন্‌কিনস্ সাহাব নিজ পদৰ পৰা অবস্থত হোৱাত কাপ্তান হপ্ কিন্‌সন সাহাব সি পদত নিযুক্ত হ’ল। জেন্‌কিন্ত্ত সাহাব অতি দয়ালু, পৰোপকাৰী আৰু বিদ্যোৎসাহী আছিল। এই দেশীয় আসামৰ সাধাৰণ সকলোৰেই এওঁৰ প্ৰীতিভাজন আছিল৷ তেওঁৰ সময়তে এই দেশৰ উন্নতিৰ বিষয়ে বহু পথ উলিওৱ| হয়। এওঁ এই দেশক ইমান স্নেহ কৰিছিল যে কাৰ্য্যৰ পৰ| অবসৃত হইও ইয়াতে থাকিল। * কানীৰ ক্ষেতি নিষেধ কৰাত অসম দেশৰ লোক- সকলে ভাল নাপালে। কিয়নে৷ ইয়াৰ পৰা অলপ ব্যয়তে কানী পোৱাটে৷ টান হ’ল। ১৮৬০ সনত ইন্‌কটাক্‌সৰ আইন প্ৰচলিত হোৱাত লোকসকলৰ উৎপন্নৰ অনুসন্ধান কৰিব ধৰিলে। নগাঁওৰ ঢেকেৰী অঞ্চলৰ প্ৰজাবিলাকে ইয়াতে অসন্তোষ পাই জিলাধিকাৰত জনালে। কিন্তু তেওঁৰ পৰা কোনো

  • ১৮৬৬ সনৰ আগষ্ট মাহত জেন্‌কিন্‌স্‌ সাহাবৰ গুৱাহাটীতে মৃত্যু হয়।