পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰয়োদশ অধ্যায় সুখ দুঃখ বুঝিব পাৰিলে। ক্ৰনে বিদেশ সইতে গমনাগমনব সুবিধা হই অহাত বাণিজ্যব অনেক সহজ উপায় হবলৈ ধৰিলে আক তাৰ নিমিত্তে কৃষিব প্ৰতিও লোকব মন হ’ল। যি যি বস্তুব বেপাৰ বা কৃষি কম আছিল তাবে৷ উন্নতি হবলৈ ধৰিলে। দেশব অনেক ঠাইত বেপাবব সুবিধা হ'ল। ইংৰাজী ১৮৪৯ সনত আনন্দবাম ঢেকিয়াল ফুকনে অসমীয়া ল’বাব মিত্ৰ নামেৰে দুই খণ্ড পুস্তক অসমীয়া ভাষাত মুদ্ৰিত কবে৷ সেই কাৰ্য্যত দেশীয় আৰু ইউৰোপীয় প্ৰায় সকলোৱেই সাহায্য প্ৰদান কৰে। এই দেশত কোম্পানীৰ অধীন হবৰ পৰ৷ যেনেকৈ কাৰ্য্য চলিছে আৰু ই দেশীয় লোকৰ কি কি আবশ্যক আৰু কি উপায় কৰিলে উন্নতি হব পাৰে তাক দেখি অনুসন্ধান কৰি স্থানীয় গবৰ্ণমেণ্টক জনাবলৈ লৰ্ড ডালহাউসী সাহাবে সদব আদালতৰ বিজ্ঞবৰ জজ মিষ্টৰ মিলস সাহাবক পঠালে। তেওঁ ১৮৫২ সনত ই দেশৰ সমুদায় জিলা পৰিভ্ৰমণ কৰি গবৰ্ণমেণ্টলৈ এক ৰিপোৰ্ট কৰে। এইজনা সাহাব অহাৰ পৰা বিচাৰ কাৰ্য্যাদিৰ যিবিলাক অনিয়ম আছিল, সি গুছিবলৈ ধৰিলে৷ আৰু গবৰ্ণমেণ্ট ই দেশৰ বিষয়ে অনেক কথা জানিলে। খাশীয়৷ আৰু জয়ন্ত৷ প্ৰদেশ ইংৰাজী ১৮৫৪ সনত ঢাকাৰ কমিশ্যনৰৰ হাতৰ পৰ৷ অসম দেশৰ কমিশ্যনৰ সাহাবৰ অধীন কৰা হ’ল। এবং সি এখন স্বতন্ত্ৰ জিলাৰূপে পৰিগণিত হ’ল। ইয়াৰ পাছত কেবছৰমান আৰু কোন বিশেষ ঘটনা হোৱা নাছিল। ইংৰাজী ১৮৫৭ সনত যেতিয়া ভাৰতবৰ্ষত সিপাহী বিদ্ৰোহ হয় তেতিয়া অসম দেশৰ উজনি খণ্ডতো সেই বিদ্ৰোহৰ কোন কাৰ্য্য হোৱাত পুৰন্দৰ ৰজাৰ নাতি কন্দৰ্পেশ্বৰ সিংহক ইয়াৰ পৰা কলিকাতালৈ পঠিওৱা হয়। নিয়মমতে বিচাৰ কৰাত কেজনমান লোকৰ ওপৰত দোষ সাব্যস্ত হোৱাত দুজনৰ প্ৰাণদণ্ড আৰু কেজনমানৰ অন্য প্ৰকাৰৰ দণ্ড হ’ল। এই বিদ্ৰোহৰ বিষয়ে অনেক লোকে পেটে কিছু সংশয় কৰিলেও যেতিয়া নিয়মানুসাৰে বিচাৰত দোষ সাব্যস্ত হ’ল তেতিয়া ইয়াত সংশয়ৰ কোন কাৰণ নাই। ইংৰাজী ১৮৫৮ সনৰ নবেম্বৰত ভাৰতবৰ্ষৰ শাসন ভাৰ শ্ৰীশ্ৰীমতী মহাৰাণীয়ে কোম্পানীৰ হাতৰ পৰা আপোনাৰ হাতলৈ