পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৬ আসাম বুৰঞ্জী আক ফৌজদাৰী কাৰ্য্যৰ পৰ৷ অপসৃত হ'ল। কমিশ্যনৰ সাহাবে দেশব উন্নতিৰ প্ৰতি বড় যত্ন আৰু মনোযোগ কৰিছিল। তেওঁ বিদ্য| শিক্ষাব প্ৰতি বড়কৈ উৎসাহ দিছিল। নিজ ব্যয়েৰে অনেক ছাত্ৰক বিদ্যাশিক্ষা কৰোৱাইছিল। অসম দেশৰ সমীপৰ পৰ্ব্বতবিলাকত নগা, খামতী, চিংফৌ মিসমী, গাড়ো, খাশীয়া প্ৰভৃতি যিবিলাক পৰ্ব্বতীয়া জাতি বাস কৰে, সিবিলাকে সময়ে সময়ে প্ৰজাৰ প্ৰতি উপদ্ৰব কৰি থকাত সময়ে সময়ে সিবিলাকৰ অত্যাচাৰ নিবাৰণ কৰা হইছিল আৰু যুদ্ধ যাত্ৰাও মাঝে মাঝে হইছিল। পৰিশেষত সিবিলাকে সইতে আমাৰ সীমা একেবাৰে পিয়লৰ দ্বাৰা নিৰ্দ্ধাৰ্য্য কৰা হ'ল। ১৮৩৮ সনত খ্ৰীষ্টিয়ান্ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ই দেশত আমেৰিকান ব্যাপটিস্ট মিশ্যনৰি সংপ্ৰদায় দ্বাৰ৷ মিশ্যন সংস্থাপিত হয়। প্ৰথমে জয়পুৰত সেই মিশ্যনৰ প্ৰধান স্থান নিৰূপিত হয়। পিছে শিবসাগৰলৈ আহে। সেই মিশ্যনৰ পৰা ১৮৪৬ সনত অৰুণোদয় নামে এখন মাসিক সংবাদ পত্ৰ অসমীয়া ভাষাত প্ৰচাৰিত হই চলি আছে৷ ইয়াৰ দ্বাৰা দেশৰ শিক্ষাৰ প্ৰতি বিশেষ সাহায্য হইছে। ইংৰাজী ১৮৪৩ সনত এটি আইন গবৰ্ণৰ জেনেৰেল কৰ্তৃক সংস্থাপিত হয়। সি আইন অনুসাৰে কোনো মানুহে কাৰে৷ প্ৰতি গোলাম বুলি সাধাৰণতকৈ অধিত স্বত্ব পাব নোৱাৰে। ই আইন প্ৰকাশিত হবৰ পাছত এই দেশত যিসকল লোকৰ গোলাম আছিল তাৰ প্ৰায় অধিকাংশেই মুক্তি লাভ কৰিলে। দেশীয় লোকসকলে ইয়াৰ দ্বাৰ৷ বড় উপদ্ৰব হোৱা হেন অনুমান কৰিছিল আৰু এতিয়াও কৰে। কিন্তু ইয়াৰে দেশৰ উন্নতিৰ এটি সুন্দৰ উপায় হ’ল। এই বছৰতে “আসাম কোম্পানী” নামে প্ৰসিদ্ধ চাহব কোম্পানী সংস্থাপিত হয়। ১৮৪৬ সনত প্ৰথমে এই দেশলৈ গবৰ্ণমেণ্টৰ এখানি ভাপৰ জাহাজ আহে। ই এটি বিশেষ ঘটনা বুলিব লাগে। কিয়নে৷ তাৰে দেশৰ আধুনিক উন্নতিৰ বড় উপায় সংস্থাপিত হইছে। এই দেশত ব্ৰিটিশ পৰাক্ৰম ক্ৰমে অধিক আৰু দৃঢ় হোৱাত গবৰ্ণমেণ্ট অসমীয়া লোকসকলৰ

  • এই সম্বাদপত্ৰ এতিয়া অপ্ৰচলিত হইছে।