পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় ১৬৫ প্ৰতি অত্যাচাৰ কৰাও প্ৰমাণ হোৱাত পুৰন্দৰ সিংহ বজাৰ হাতৰ পৰা উজনি খণ্ড কমিশ্যনব সাহাবৰ অধীনলৈ অনা হয় আৰু তাত শিবসাগৰ এবং লক্ষ্মীপুৰ ই দুই জিল| সংস্থাপিত হল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মাসিক ৫০০ টাকা পেন্‌শান্ পাই গুৱাহাটীতে আছিল। এই বছৰতে তেওঁ স্বৰ্গী হয়। এইজন৷ ৰজা অতি কোমল বয়সতে ৰাজ্য পোৱাৰ নিমিত্তে শাৰীৰিক অনিয়মৰ গতিকে মানসিক বড় দুৰ্ব্বল আছিল। এওঁৰ সাহস নীচেই নাছিল। আৰ লোকৰ গুণাগুণ ভালকৈ নাজানিছিল। এওঁৰ চকুলাজ বড় আছিল। এবং দমন শক্তি অতি কম। এই হেতুকেই দেশত বড় উপদ্ৰব হই পৰিশেষত ৰাজ্যচ্যুত হয়। পুৰন্দৰ সিংহ `স্বৰ্গদেৱ দৃঢ়প্ৰতিজ্ঞ আৰু অৰ্থলোভী আছিল কিয়নো এওঁ সৰু কালত' বিদেশত থকাত অনেক কষ্ট সহ্য কৰিছিল। পুৰন্দৰ সিংহ স্বৰ্গদেৱে ৰাজ্য ভ্ৰষ্ট হই যোৰহাট নগৰতে থাকিল। পেন্শান্ গ্ৰহণ নকৰিলে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পুত্ৰ পৰিবাৰে গবৰ্ণমেণ্টৰ পৰা পেন্‌শ্যনকে লই প্ৰতিপালিত হই থাকিল। এই সনৰ পৰাই প্ৰকৃত প্ৰস্তাবে চুকাফা ৰজাৰ বংশৰ হাতৰ পৰা অসম দেশ একেবাৰে অন্যৰ হস্তগত হয় কিয়নো মানৰ ৰাজ্যাধিকাৰতো লোক দৰ্শকৰূপে এজনা বজ৷ আছিল। চুকাফা ৰজা সৌমাৰ দেশলৈ পৰ্য্যন্তে ৬১০ বৎসৰ তেওঁৰ সন্তানসকলে ই দেশ অহাৰ পৰা শাসন কৰিছিল৷ চুকাফা ৰজাই প্ৰথমে এই দেশৰ সৌমাৰ অৰ্থাৎ উজনি খণ্ড অধিকাৰ কৰে আৰু পুৰন্দৰ ৰজাই সি সৌমাৰৰ পৰা ৰাজ্যভ্ৰষ্ট হয়। ব্ৰুস্ সাহাবে চাহ আবিষ্কাৰ কৰাৰ পাছত গবৰ্ণমেণ্টৰ পৰ৷ উজনিৰ কেইবা ঠাইতো চাহ বাড়ী পতা হয়। ক্ৰমে ইয়াৰ কৃষিৰ বড় উন্নতি হ'ব ধৰিলে। কমিশ্যনৰ সাহাবৰ হাতত দেশৰ বিচাৰ আৰু শাসন সকলোৰে ভাৰ হোৱাত তেওঁ সুবিধা লগাই কৰ্ম্ম চলাব নোৱাৰাত ১৮২৯ সনত তেওঁৰ সাহায্যকাৰী এজন৷ কমিশনৰ নিযুক্ত হ’ল। এওঁক তেতিয়া ডেপুটি কমিশ্যনৰ আৰু এতিয়৷ জুডিশিয়েল কমিশ্যনৰ বা জজ বোলে। এইজন৷ বিচাৰক নিযুক্ত হবৰ পৰা কমিশ্যনৰ সাহাব দেওৱানী