পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
আসাম বুৰঞ্জী

বাণৰজাৰ দুহিতা ঊষাক কৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধে ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক কৃষ্ণে আৰু ভগদত্তৰ ভগিনী ভানুমতীক দুৰ্য্যোধনে বিবাহ কৰিবৰ স্পষ্ট প্ৰমাণ মহাভাৰততে পোৱা যায়। তেতিয়াৰ লোক সকলে যে আৰ্য্য ধৰ্ম্মকে অনেকে আশ্ৰয় কৰিছিল তাৰ কোন সংশয় নাই। মগধ দেশৰ অধিপতি জৰাসন্ধে যি সকল ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য জয় কৰিছিল তাৰ ৰজা সকলক এতিয়াৰ যোড়হাট নামে প্ৰসিদ্ধ ঠাইত বন্দি কৰি ৰাখিছিল বুলি প্ৰবাদ আছে। পাণ্ডবৰ ৰাজসূয় যজ্ঞৰ সময়ত ভীমে জৰাসন্ধক বধ কৰাৰ পাছত সেই বন্দি ৰজাসকলৰ মুক্তি লাভ হয় আৰু সকলোবিলাক ৰজাই যুধিষ্ঠিৰ বজাৰ অধীনতা স্বীকাৰ কৰে।

 পুৰাণত এইৰূপে লেখা আছে বোলে জামদগ্নি ঋষিৰ পুত্ৰ পৰশুৰামে পিতৃৰ আজ্ঞাৰে আপোনাৰ মাতৃক বধ কৰিলত তাৰ প্ৰায়শ্চিত্তৰ কাৰণে নানা তীৰ্থ ভ্ৰমণ কৰিলে। তথাপি হাতৰ কুঠাৰ তেওঁৰ হাতৰ পৰা খহি নপড়িল। পিছে তেওঁ তেওঁৰ পিতৃৰ উপদেশেৰে এই দেশৰ পূব ফালৰ পৰ্ব্বতত থকা ব্ৰহ্মকুণ্ডত স্নান কৰে। তাতেই তেওঁৰ হাতৰ সেই কুঠাৰ খহি পড়ে। পৰশুৰামে সেই তীৰ্থৰ মহিমা জানি তাতে কিছুমান ব্ৰাহ্মণ সংস্থাপন কৰে আৰু সকলোৰে উপকাৰৰ অৰ্থে কুঠাৰেৰে ৰেখা কৰি সেই কুণ্ডৰ জল ভটীয়াই লই যায়। তাৰি পৰা ব্ৰহ্মপুত্ৰ নদ এই দেশক দুভাগ কবি ভটীয়াই বই আহে। সেই কুণ্ডৰ নামো পৰশুৰাম কুণ্ড নামে পৰিচিত হয়। সেই ব্ৰাহ্মণসকলে পৰশুৰামৰ আজ্ঞা অৱহেলা কৰাত সেইসকলক হীনাচাৰি হ’বলৈ শাপ দিয়া হ’ল। সেইসকলেই এই দেশৰ হাবুঙ্গীয়া বামুণ বুলি প্ৰসিদ্ধ।

 এই আখ্যানৰ দ্বাৰাই আৰ্য্যসকলৰ দেশ অধিকাৰ আৰু ভ্ৰমণ আৰু ব্ৰাহ্মণৰ এক উপনিবেশ সংস্থাপন হোৱাৰ বিবৰণ অৱগত হ’ব পাৰি। চাৰিওফালে হীনাচাৰি অনাৰ্য্য জাতি থকাত সেই সকলে সইতে ব্ৰাহ্মণসকলৰ সমাগম হ’ল। সেই কাৰণেই বাপু সকল হীনাচাৰি হ'বলৈ ধৰিলে। মিশ্‌মী বিলাকৰ মাঝতো কেতবিলাকে বামুণ বুলি অভিমান কৰে। তাৰ পৰ৷ এইটো উপলব্ধি হয় যে সেই উপনিবেশৰ যি সকলৰ ব্ৰাহ্মণে হীনাচাৰ অৱলম্বন কৰি উপবীত ত্যাগ কৰিলে আৰু পৰ্ব্বতীয়া