পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ আসাম বুৰঞ্জী পৰা শেষ আজ্ঞ৷ নহালৈকে অৰ্দ্ধ কৰত ভূমি বন্দোবস্ত কৰা হ’ল। দেশীয় পঞ্চায়তৰ সাহায্য ইয়াত গ্ৰহণ কৰা হইছিল। এই দেশ পূৰ্ব্বে একেবাৰে ভাৰতবৰ্ষীয় গবৰ্ণমেণ্টৰ অধীন আছিল। কমিশ্যনৰ সাহাব দেশাধিপতি আৰু অতি উচ্চ বিচাৰক আছিল। ১৮৩৫ সনৰ ২ আইন অনুসাৰে এই দেশ সদৰ বোৰ্ড ৰেৱনিউ আৰু সদৰ আদালতৰ অধীন কৰা হ’ল। লৰ্ড উইলিয়ম্ বেন্টিঙ্ক গবৰ্ণৰ জেনেৰেলৰ দেশীয় বিচাৰক নিয়োজনৰ নিয়ম অনুসাৰে ই দেশতো মুসেফ সদৰামীন পতা হ’ল। ইংৰাজী ১৮২৬ সনত জয়ন্তাৰ ৰজাই সইতে গবৰ্ণমেণ্ট এক সন্ধি পত্ৰ কৰে, তাৰ পৰা ৰজাই কোম্পানীৰ অধীনে দেশ শাসন কৰে। কিন্তু ১৮৩৫ সনত সি ৰজাক মাসিক ৫০০ টাকা পেন্‌শান্ দিয়া হল আৰু জয়ন্তা প্ৰদেশ গবৰ্ণমেণ্টৰ নিজ অধিকাৰলৈ আনিলে। এইবিলাক ঘটনা দ্বাৰা স্পষ্ট বোধ হয় যে প্ৰায় একে সময়তে ই দেশ আৰু তাৰ সমীপবৰ্ত্তী দেশবিলাকৰ পূৰ্ব্বৰ ৰজ| ৰাজ্য ভ্ৰষ্ট হয়। এই সনত গুৱাহাটী ৰাজধানীত এটি ইংৰাজী বিদ্যালয় দেশীয় ও ইউৰোপীয় ভদ্ৰলোকসকল আৰু গবৰ্ণমেণ্টৰ সাহায্যত সংস্থাপিত হয়। দেশৰ স্থানে স্থানে পাঠশালাও পতা হয়। ১৮৩৬ সনলৈকে দেশীয় আদালতবিলাকত দেশীয় ভাষাৰে কাৰ্য্য কৰ্ম্ম হইছিল কিন্তু পাছে ই দেশৰ ভাষা যে বাঙ্গালা ভাষা এনেটো ঠাৱৰ হোৱাত পাঠশাল৷ আৰু বিচাৰালয়ত বাঙ্গালা ভাষ৷ চলিবৰ নিয়ম হ’ল। এই দেশৰ বিচাৰ প্ৰণালীৰ নিমিত্তে কোনো আইন বা নিয়ম নথকাত ৰবৰ্টসন্ কমিশ্যনৰ সাহাবৰ দ্বাৰা অনুমোদিত এক নিয়মাবলী সদৰ আদালতৰ দ্বাৰা নিৰ্দ্ধাৰিত হোৱাত সেই নিয়মাবলী ১৮৩৭ সনত প্ৰচাৰিত হ'ল। ইয়াক “আসাম কায়দাবন্দী” বোলে। সেই অনুসাৰে প্ৰায় ১৮৬০ সনলৈকে ই দেশৰ বিচাৰ হইছিল। ১৮৩৮ সনত দেখা গ'ল যে পুৰন্দৰ সিংহ ৰজাই নিৰ্দ্ধাৰিত লালবন্দী দিবলৈ অক্ষম পাছে তেওঁৰ কাৰ্য্য প্ৰণালী আৰু দেশৰ অবস্থা অনুসন্ধান কৰাত ইয়াকেহে নিশ্চয়ৰূপে জনা গ'ল যে ৰজাদেৱে ৰাজ্য প্ৰতিপালন কৰিবৰ অসমৰ্থ। তেওঁৰ অধীনৰ কৰ্ম্মচাৰী আৰু তেওঁ প্ৰজাৰ সুখ দুঃখলৈ দৃষ্টি নাৰাখি কেবল অৰ্থ উপাৰ্জনৰ প্ৰতিহে দৃষ্টি ৰাখিছিল। বিশেষ দেশৰ অনেক লোকৰ