পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় আছিল আৰু তাৰ ৰাজস্ব তহসীলদাৰৰ দ্বাৰা লোৱ| হইছিল। এইসকলৰ নিমিত্তে বিশেষ অসুবিধা হোৱা দেখি কমিশ্যনৰ সাহাবে গবৰ্ণমেণ্টৰ আজ্ঞাবে ১৮৩২৷৩৩ সনত কামৰূপ দৰঙ্গ আৰু নগাঁও এই তিনি জিলা বিভাগ কৰি একোজন৷ ইউৰোপীয়৷ কালেক্‌টৰ আৰু মাজিষ্ট্ৰেট ক্ষমতাৰে প্ৰধান এশিষ্টাণ্ট কমিশ্যনৰ নিযুক্ত কৰিলে। পাছত সিসকলৰ অধীনে দেশীয় আৰু ইউৰোপীয় বিচাৰক নিযুক্ত কৰিলে। দেশৰ কাৰ্য্যৰ পক্ষে কোনো নিয়ম নথকাত কমিশ্যনৰ সাহাবে কেতবিলাক নিয়ম কৰি দিলে। কমিশ্যনৰৰ ইসকল কাৰ্য্যত কলিকাতাৰ গবৰ্ণৰ জেনেৰেল, সুবিখ্যাত আৰু দেশহিতৈষী লৰ্ড উইলিয়ম বেন্টিঙ্ক সাহাবে সদাই অনুমোদন কৰিছিল। ১৬৩ ৰবেৰ্টসন সাহাব ১৮৩৪ সনৰ আৰম্ভতে বদলি হই যায়। তেওঁৰ কাৰ্য্যত কাপ্তান জেন্‌কিন্স, সাহাব ১৮৩৪ সনৰ ২৩ জানুৱাৰীত কমিশ্যনৰ নিযুক্ত হয়। লৰ্ড বেন্টিঙ্ক সাহাবে জেন্‌কিন্‌স, সাহাবৰ বিচক্ষণতা আৰু যোগ্যতা জানি এওঁক এই নতুন দেশৰ কমিশ্যনৰ পদত নিযুক্ত কৰিলে। তেওঁ ইয়াৰ পূৰ্ব্বে অৰ্থাৎ ১৮৩৪ সনত ই দেশত উৎপন্ন ইত্যাদিৰ বিষয়ে অনুসন্ধান কৰিবলৈ এই অঞ্চললৈ আহিছিল কিন্তু তেওঁ দেশৰ কাৰ্য্য কৰা নাছিল। তেওঁতকৈ অনেক দিন কাৰ্য্য কৰি থকা কেইবাজনো সাহাব দেশত আহিল। গবৰ্ণৰ জেনেৰেলৰ এনে বিশ্বাস আছিল যে এওঁৰ দ্বাৰা দেশৰ যেনে সুশাসন হব তেনে কাৰে৷ দ্বাৰা নহব। জেন্‌কিন্স, সাহাব কমিশ্যনৰ নিযুক্ত হই নামনি খণ্ডৰ জিলাবিলাকক পৰগণ৷ আৰু মৌজ৷ এইৰূপে বিভাগ কৰিলে। ইয়াৰে দেশৰ উন্নতিৰ বড় উপায় হ’ল। এই দেশৰ যিবিলাক লোকে নিষ্কৰ ভূমি ভোগ কৰিছিল, সিসকলৰ স্বত্বৰ বিষয় অনুসন্ধান এইজনাই কৰিবলৈ ধৰিলে। ব্ৰিটিশ গবৰ্ণমেণ্ট এই দেশ মানৰ পৰা পাইছে মানহঁতে ই দেশৰ সকলে৷ প্ৰকাৰ লোকৰ পৰা কৰ গ্ৰহণ কৰিছিল। সেইকাৰণে গবৰ্ণমেন্টেও ইয়াৰ নিষ্কৰ বুলি ভোগ কৰা মাটিবিলাক অৰ্দ্ধ কৰত বন্দোবস্ত কৰি দিবৰ স্থিৰ কৰিলে। ইয়াৰ নিৰাকৰণ প্ৰায় ১৮৫০ সনত হে শেষ হয়। যাবতীয় লাখেৰাজ বা নিষ্কৰ স্বত্বৰ সিদ্ধান্ত পত্ৰত এনে লিখা আছে যে সদৰৰ