পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী কৰিলে।* এবাৰ তেওঁ প্ৰাণ সঙ্কটৰূপে আক্ৰান্ত হইছিল। ভোট, অকা, প্ৰভৃতি আন আন পৰ্ব্বতীয়া জাতিবিলাকেৰেও ইস্কাট সাহাবে মিত্ৰভাব সংস্থাপন কৰিলে। পাছে ১৮৩১ সনৰ আগষ্ট মাহত ইস্কাট সাহাব চিৰা- পুঞ্জীত মৃত্যু হ’ল। অতিৰিক্ত পৰিশ্ৰম কৰা আৰু আৰাম কৰিবলৈ সময় নোপোৱাৰ নিমিত্তেই ৰোগাক্ৰান্ত হই সাহাব মৃত্যু হ'ল। এইজন৷ সাহাব বহুদৰ্শী, দৃঢ়স্বভাব বিশিষ্ট, দয়ালু আৰু প্ৰশস্তমনা আছিল। এওঁৰ মৰণৰ বাৰ্ত্তাত কি দেশীয়, কি পৰ্ব্বতীয় সকলে৷ লোকে বড় শোক কৰিলে। অধিক কি অনেকেই আপোনাৰ পৰিবাৰৰ মৃত্যুত যেনেকৈ, তেনেকৈ কান্দিলে। এই পৰ্যন্ত ইস্কাট সাহাবৰ নাম অতি সম্ভ্ৰমেৰে লোকে কই থাকে তেওঁৰ কবৰ চিৰাপুঞ্জীত এতিয়াও আছে। সেইজন৷ সাহাবক এতিয়াও লোকে “আমাৰ ইস্কাট সাহাব” বুলি কয়। মানৰ হাতৰ পৰ৷ দেশ উদ্ধাৰ কৰি সুশাসনৰ বাটলৈ অনাৰ হেতুকেই তেওঁৰ ইমান সুখ্যাতিৰ মূল। ইস্কাট সাহাবৰ কৰ্ম্মত মেং টি, সি, ৰবেটসন্ সাহাৰ কমিশ্যনৰ হই এই দেশলৈ আহে। কাছাৰ আৰু শ্ৰীহট্টৰ যি কৰ্তৃত্ব আমাৰ কমিশ্যনৰৰ গাত আছিল, তাক গুছোৱা হ’ল। আৰু তাৰ দ্বাৰা কমিশ্যনৰৰ আকৌ এই দেশৰ বিষয়ে চিন্তা কৰিবলৈ সময় হ’ল। সাহায্যকাৰী বিচাৰক নাথাকিলে যে কাৰ্য্য সুন্দৰৰূপে নহয় এইটি কথা তেওঁ সুন্দৰকৈ গবৰ্ণমেণ্টত জনোৱাত কেজনমান আশিষ্টাণ্ট নিযুক্ত হ’ল। তাৰ দ্বাৰা দেশৰ সুশাসনৰ উপায় মুকলি হ’ল। উজনি খণ্ড দেশীয় ৰজ৷ পুৰন্দৰ সিংহে সইতে এইৰূপে নিয়ম কৰি দিয়৷ গ'ল যে তেওঁ ব্ৰিটিশ গবৰ্ণমেণ্টৰ ৫০,০০০ টাকা বাৰ্ষিক কৰ দিব। সদাঁয়া আৰু মটক প্ৰদেশ সেই পৰ্য্যন্ত ভালকৈ দৃঢ় শাসনৰ তললৈ অহা নাছিল সেই কাৰণে সি প্ৰদেশ ৰজাক দিয়৷ নহ'ল। বিশ্বনাথত এজনা পলিটিকেল এজেণ্ট থাকিল। তেওঁক দেশৰ শুভাশুভ দৃষ্টি কৰিবলৈ নিয়োজন কৰা হইছিল। যদিচ উজনি খণ্ড এইৰূপে দেশীয় ৰজাক দিলে তথাপি নামনি খণ্ডও সুবিস্তৃত হোৱাৰ নিমিত্তে কাৰ্য্য সুশৃঙ্খল৷ নহইছিল। নগাঁও আৰু দৰঙ্গতো কামৰূপৰ দৰে পঞ্চায়ত বিচাৰক ১৬২

  • সেই সাহাবেই চিৰাপুঞ্জী নগৰৰ সংস্থাপক।