পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় খাশীয়া পৰ্ব্বত, বঙ্গপুৰ, কেঁাঁচবিহাৰ, শ্ৰীহট্ট প্ৰভৃতি ঠাইত ফুৰি সেই সেই ঠাইৰ কাৰ্য্য কবি থাকোঁতেই তেওঁৰ সময় গইছিল। বিশেষ এতিয়াৰ দবে ডাকৰ বা গমনাগমনৰ সুপ্ৰণালী তেতিয়া নাছিল। দেশৰ বিচাৰ কাৰ্য্য দেশীয় পঞ্চায়তৰ হাতত সমৰ্পিত আছিল, এই নিমিত্তে গবৰ্ণমেণ্টলৈ আবেদন কৰাত নামনি খণ্ডত কাপ্তান এডাম হোয়াইট্ সাহাব ইস্কাট সাহাবৰ সাহায্যকাৰী নিযুক্ত হ'ল। প্ৰথমে এই দেশত পূৰ্ব্বৰ দৰে খেল অনুসাৰে পিয়ল কৰা হ’ল। আৰু দেশীয় বিষয়াবিলাকে লিক্‌চৌ পাইক আৰু মাটি পাইছিল। * ব্ৰহ্মাদেশৰ পৰা কাছাৰ আক্ৰমণ হোৱাৰ পাছত ১৮২৬ সনত কাছাৰৰ ৰজাৰে এক সন্ধি পত্ৰ হয় তাৰ দ্বাৰা তাৰ ৰজা কাছাৰৰ সিংহাসনত বহে কিন্তু সেই ৰজ৷ ১৮৩’ সনত অপুত্ৰক হই মৰণ হোৱাত সেই সন্ধি পত্ৰ অনুসাৰে গবৰ্ণমেণ্টে কাছাৰ ৰাজ্য পায়। এবং তাৰ শাসনৰ ভাৰ ইস্কাট চাহাবৰ ওপৰত সমৰ্পিত হ’ল। ইস্কাট সাহাবে দেশৰ হিতকৰ অনেক উপায় কৰিবলৈ গবৰ্ণমেণ্টলৈ লিখিছিল। বেটী বন্দীৰ সংখ্যা কৰা আৰু কোনে কি ৰূপে তাৰ স্বামী হ’ল তাৰ নিৰাকৰণ কৰা, সমুদায় দেশ পিয়ল কৰি চাহ হোৱা আৰু নোহোৱা মাটিৰ নিৰ্ণয় কৰা আৰু মৌজা ভাগ কৰা, নিষ্কৰ ভূমিৰ অনুসন্ধান আৰু নিৰ্ণয় কৰা এবং উজনি খণ্ড দেশীয় ৰজাক লালবন্দী লই সমৰ্পণ কৰ৷ প্ৰভৃতি অনেক বিষয় প্ৰস্তাব কৰিছিল৷ কিন্তু সেই সকলোৰে ফল তেওঁ দেখিবলৈ নাপালে। ১৬১ গাড়ো পৰ্ব্বতৰে আৰু তাৰ সমীপবৰ্ত্তী জমীদাৰবিলাকৰ পৰগণাৰ সীমা ইস্কাট সাহাবেই কৰে৷ আৰু গাড়োবিলাকক বৰাই অনেক খেলক গবৰ্ণমেণ্টৰ অধীনলৈ আনিলে। এতিয়া গাড়োহিলস্ জিলাৰ প্ৰধান নগৰ তুৰা পৰ্ব্বতত ইস্কাট সাহাবৰ ঘৰ আৰু ফুলৰ বাড়ী আছিল। এই গাড়ো- বিলাকক দমন কৰোঁতে কেইবাবাৰে৷ যুদ্ধ যাত্ৰা কৰিবলগীয়া হইছিল। খাশীয়৷ পৰ্ব্বতলৈকে৷ ইস্কাট সাহাব গই সি পৰ্ব্বতৰ অধিকভাগ অধিকাৰ

এই বন্দোবস্তত গুৱাহাটীৰ হলিৰাম ঢেকিয়াল ফুকনে ইস্কাট সাহাবক সাহায্য কৰিছিল। নগাঁওত হলে “ঢেকিয়াল ফুকনৰ বন্দোবস্তই” মূল “বন্দোবস্ত”। ইয়াকে খেলোৱাৰি বন্দোবস্ত বোলে। ২১