পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ২৪ ফেব্ৰুয়াৰীত ব্ৰহ্মাদেশে সইতে ইয়াণ্ডাবুত কোম্পানীৰ সন্ধি হয়। সেই অনুসাৰে আৰাকান, মটীবান, টেনাসৰীম, আৰু অসম এই কেইখান দেশ ব্ৰহ্মাৰ্জাই কোম্পানীক স্বত্ব ত্যাগ কৰি দিয়ে। সি সন্ধি পত্ৰ অনুসাৰেই ব্ৰিটিশ গবৰ্ণমেন্টে এই দেশ অধিকাৰ কৰিছে। কিয়নো যেতিয়া এই দেশলৈ কোম্পানীৰ সেনা আহে তেতিয়া দেশৰ অধিকাৰী মানেই আছিল। ১৬০ ইস্কাট সাহাব যে অকল এই দেশৰ পক্ষে গবৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু কমিশ্যনৰ আছিল এনে নহয়, তেওঁৰ অধীনত মণিপুৰ ও কাছাৰ আছিল। তেওঁ কেঁাঁচবেহাৰৰ আৰু ৰঙ্গপুৰৰ উত্তৰ পূৰ্ব্ব প্ৰদেশৰ কমিশ্যনৰ এবং শ্ৰীহট্টৰ জজ আছিল। এই নিমিত্তে তেওঁৰ পক্ষে সকলে৷ কাৰ্য্য সুবিধাৰে কৰা বড় কষ্টদায়ক আছিল। দেশীয় পঞ্চায়তৰ দ্বাৰ৷ বিচাৰ কাৰ্য্য হইছিল। ইস্কাট সাহাবে সিসকলৰ ওপৰত দৃষ্টি আৰু উচিত হ'লে সংশোধন কৰিছিল। অপৰাধ কৰিলে পূবৰ দৰে চক্ষুকৎপাটন প্ৰভৃতি গুৰুদণ্ডৰ পৰিবৰ্ত্তে অৰ্থদণ্ড আৰু ফাটকত বন্দী কৰিছিল। গবৰ্ণৰ জেনেৰেলৰ এজেন্টেই প্ৰাণদণ্ড পৰ্য্যন্ত কৰিব পাৰিছিল। পাছে এই দেশৰ কাৰ্য্য ভালকৈ চলাবলৈ এই দেশক উজনি আৰু নামনি বা জুনিয়ৰ আৰু সিনিয়ৰ খণ্ডত বিভাগ কৰা হ'ল। ইয়াৰ সীমা দক্ষিণ পাৰে ধনশিৰী নদী, আৰু উত্তৰ পাৰে ভৰলু নদী হ’ল। উজনি খণ্ডত কৰ্ণেল ৰিচাৰ্ডস্ সাহাব আৰু নামনি খণ্ডত ইস্কাট সাহাব কমিশ্যনৰ হ'ল। কিন্তু ইস্কাট সাহাব সকলোৰে প্ৰধান গৰাকী আছিল৷ গুৱাহাটী নগৰ সুবিস্তৃত আক পূৰ্ব্বে ইয়াত এজনা বড় ফুকন থকাৰ নিমিত্তে নগৰ আছিল। এই কাৰণে সেই নগৰকে অসম দেশৰ ৰাজধানী কৰা হ'ল। কমিশ্যনৰ সাহাব ইয়াতে আবাস কৰিবৰ নিমিত্তে স্থিৰ কৰিলে। উজনি খণ্ডৰ কৰ্ণেল ৰিচাৰ্ডস, সাহাব ১৮২৫ সনৰ ৩১ অক্টোবৰত ভটীয়াই গ'ল আৰু তেওঁৰ সলনি কৰ্ণেল কুপৰ সাহাব নিযুক্ত হ'ল। কুপৰ সাহাব ভটীয়াই গ’লত কাপ্তান নিউবিল সাহাব উজনি খণ্ডত সেনাপতি আৰু প্ৰধান কাৰ্য্যকাৰক হ’ল। ইস্কাট সাহাবৰ ইমান কৰ্ম্মৰ ভাব আছিল যে তেওঁ অকলে নামনি খণ্ডৰ কাৰ্য্য ভালকৈ চলাবলৈ নোৱাৰিলে। গাড়ে৷ পৰ্ব্বত,