পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় এনে স্থিৰ কৰিলে যে মানে আক দেশত একে৷ উপদ্ৰব নকৰে। যিবিলাকে ব্ৰহ্ম৷ দেশলৈ যাব খোজে সিবিলাক যাব পাৰিব। এবং যিবিলাকে থাকিব খোজে সিবিলাকে নিৰুপদ্ৰবে ইয়াতে থাকিব পাবিব আৰু সেইসকলৰ বিষয়ে গবৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ শেষ আজ্ঞা প্ৰচাৰ কৰিব। পিছে পিছে ফেব্ৰুয়াৰীত শ্যাম ফুকন আৰু বগলী ফুকনব পৰ৷ সেই নিয়মেৰে একবাৰ লোৱা হয়। আৰু তেওঁ- বিলাকে ৭০০ মানে সইতে কৰ্ণেল সাহাবৰ হাতত আপুনি সমৰ্পিত হয়। প্ৰায় দুহেজাৰ মানৰ সেনা ও নহেজাৰ স্ত্ৰীপুৰুষ ব্ৰহ্মদেশলৈ উলটি যায়। তাৰে কেতবিলাক আকৌ যাব নোৱাৰি এই দেশবে " পৰ্ব্বতৰ দাঁতি ফালে থাকিল। এনে প্ৰবাদ আছে বোলে মানে ই দেশৰ পৰা ত্ৰিশ হাজাৰ মানুহ লই যাব ধৰিছিল। কিন্তু কোম্পানীৰ . ফৌজ আগবঢ়াত সেইটো কৰিব নোৱাৰিলে, তথাপি মুনিহে তিৰোতাই চাৰি পাঁচ হাজাৰমান মানুহ লই গ'ল। এই দেশ এড়ি একেবাৰে মান নগ'ল৷ চিংফৌহঁতেও আমাৰ দুৰবস্থ৷ দেখি পীড়িবলৈ ধৰিলে। সিহঁতে সইতে মিলি, মানে অসম দেশ আকৌ আক্ৰমণৰ যত্ন কৰিলে। কিন্তু সিহঁতৰ সি উদ্যোগ একেবাৰে নিষ্ফল হ’ল। কিয়নে৷ কোম্পানীৰ ফৌজে সময়ে সময়ে দাঁতিৰ ফালে গই সিহঁতৰ উদ্যোগ ভঙ্গ কৰিছিল। পৰিশেষত সিহঁতে ই দেশ যে কেতিয়াবা লব পাৰিব এই আশা পৰিত্যাগ কৰি একেবাৰে ব্ৰহ্মাদেশলৈ গ'ল। ইস্কাট সাহাবে এই দেশৰ পৰা ভাগি যোৱা মানুহবিলাকক পাৰিলে মানে ইয়ালৈ অনাই পূৰ্ব্বৰ দৰে কৰ্ম্ম কৰিবলৈ দিলে। উজনিৰে পৰা কৰ্ণেল সাহাবৰ জয় বাৰ্ত্তা পাই ইস্কাট সাহাব উজাই গ'ল। শ্যাম আৰু বগলী ফুকন আৰু যোগেশ্বৰ ও চন্দ্ৰকান্ত ৰজাক উজনিত থকা অযুক্তি জানি কেইওজনাক ভটীয়াই পঠালে। যোগেশ্বৰ ৰজা যোগীঘোপালৈ গই ১৭৪৭ শকত মৃত্যু হয়। কিছুদিনৰ মূৰত কোম্পানীৰ পৰ৷ ই কেইজনাক বৃত্তি দি দেশতে ৰাখিলে। অত্যাচাৰী মানৰ হাতৰ পৰা দেশ লোৱাৰ পাছত দেশৰ কাম কাজ সকলো পূৰ্ব্বৰ দৰেই দেশীয় লোকৰ দ্বাৰাই হইছিল। পাছে ১৮৬ সনৰ