পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী উজাই গ'ল। এওঁৰ লগত সকলোৱে সইতে সুশিক্ষিত তিনি হেজাৰ- মান সেন৷ মাত্ৰ আছিল। কোম্পানীৰ ফৌজ অহা বাৰ্তা পাই আমাৰ মানুহে মানক আক্ৰমিব ধৰিলে। সিহঁতে ই ঠাই এড়ি উজনিলৈ যোৱাটোকে ঠাৱৰাই যাবৰ সময়ত নগাঁওৰ কাখৰি গাঁওত অনেক অস্ত্ৰধাৰী আৰু আন মানুহ ঘৰৰ ভিতৰত হাত ভৰি বান্ধি হুমাই জুই লগাই পুৰি মাৰিলে। সকলো ঠাইৰ পৰা মান গই যোৰহাটুতে জুম বান্ধিলে গই। সিহঁত অত্যাচাৰী, অশিক্ষিত ও অদূৰদৰ্শী মানুহ। শাৰীৰিক বলেৰে যি পাৰে তাকেই মাত্ৰ কৰে। ইমান দিন তাতে অন্যায় কাৰ্য্য কৰি প্ৰবৰ্ত্তি আছিল। বিশেষ বিনাশৰ কালত লোকৰ বিপৰীত বুদ্ধি হয়। চাৰিও ফালৰ পৰা সিহঁতৰ পৰাজয় হোৱাত ইজনে সিজনক আৰু সিজনে ইজনক দোষ দিবলৈ ধৰিলে। তাতে থাকি সিহঁতৰ মাঝতে পৰস্পৰ বিৰোধ উপস্থিত হ’ল। এই দেশৰ মানৰ সৈন্যাধ্যক্ষ বুঢ়া ৰজাক শ্যাম - ফুকনৰ অধীনস্থ কেতবিলাক মানে বধ কৰিলে। কোম্পানীৰ সৈন্য যেতিয়া উজাই যোৱা বাৰ্ত্ত৷ পালে মানে নিৰুৎসাহ হই যোৰহাট এড়ি ৰঙ্গপুৰলৈ গ'ল। এবং যোৰহাটৰ কোঠত জুই লগালে। কৰ্ণেল ৰিচাৰ্ডস্ গই ১৮২৫ সনৰ ২৫ জানুৱাৰীত গৌৰী সাগৰত ছাউনী কৰিলে৷ ২৭ জানুৱাৰীৰ দিন৷ পুৱা কেতবিলাক মান, কোম্পানীৰ আগবাঢ়ি থক৷ সৈন্যে সইতে ৰণ কৰে। সেই ৰণত অনেক মান মৰা পড়িল। ২৯ জানুৱাৰীৰ দিনা কৰ্ণেল সাহাবে ৰঙ্গপুৰলৈ কিছুমান সেন৷ পঠালে। মানে সইতে ৰঙ্গপুৰৰ ওচৰতে যুদ্ধ হোৱাত মানে একেবাৰে পৰাস্ত হ’ল আৰু সিহঁতৰ দল ছিন্ন ভিন্ন হ’ল। ৰঙ্গপুৰৰ কোঠতে৷ সেনাপতিসকলৰ দুই ভিন্ন ভিন্ন মত হ’ল শ্যাম ফুকন ও বগলী বা নিবাৰু ফুকনৰ সন্ধি কৰিব মত হ’ল, কিন্তু আনবিলাকৰ মত হ’ল যে ৰণ কৰে। প্ৰধান প্ৰধান ফুকন দুজনাৰ মত ব’লী হ'ল। তেওঁবিলাকে সন্ধি কৰিবৰ মনস্থেৰে কৰ্ণেল সাহাবলৈ কটকী পঠালে। কৰ্ণেল সাহাবে ভাবিলে যে এই সুযোগ আশ্ৰয় কৰ৷ অতীত কৰ্ত্তব্য কিয়নো সি বছৰতে মানক দেশৰ পৰা খেদাব নোৱাৰিলে কিজানি দেশৰ অবস্থাক লই মূল অভিপ্ৰায় সিদ্ধি নহয়। বিশেষ খাদ্য সামগ্ৰীৰে৷ নাটনি হ’ব পাৰে। এই ভাবি