পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় ১৫৭ কাপ্তানব অধীনে হাটবড়ত আছিল। এদিন বাঙ্গলী গড়ৰ পৰা কেতবিলাক মান আহি কাপ্তান সাহাবক সসৈন্যে আক্ৰমণ কৰিছিল। কিন্তু মানে কৃতকাৰ্য্য হব নোৱাৰিলে। কিয়নো অশ্বাবোহী সেনাই প্ৰায় সমুদায় মানকে কাটিলে। কেতবিলাক মান কলঙ্গ পাৰ হওঁতে পানীত পড়ি মবিল। এইবাৰ পৰাস্ত হোৱাৰ পৰা মান উজাই ম’ৰা মুখলৈ গ'ল। তাত সিহঁতৰ বিস্তব সেনা নাছিল। বাৰম্বাৰ মানৰ এইৰূপ দুৰ্গতি দেখি আক সন্মুখ বণত সিহঁতব সাহ নেদেখি আমাৰ দেশীয় মানুহেও সিহঁতক পীড়া কৰিবলৈ ধৰিলে। কোম্পানীৰ সেনাৰ প্ৰতি আমাৰ মানুহৰ বড় বিশ্বাস হ’ল। আৰু খোৱা বস্তু ইত্যাদি যিমান পাৰিলে তিমান সাহায্য কৰিলে। কাপ্তান্ ওৱেল্‌স্‌ সাহাবে উত্তৰ পাৰে -গই মানৰ কোঠ ভাঙ্গি দিয়াত মান উজাই উজনিলৈ গ'ল। সিপাৰে মানৰ বড় আধিপত্য নাছিল। মে মাহত ব্ৰিগাডিয়েৰ্ মেকমৰিন সাহাব মৃত্যু হলত কৰ্ণেল ৰিচাৰ্ডস্ সাহাব সেনাপতি হয়। সন্মুখত বৰ্ষাকাল। খাদ্য সামগ্ৰীৰ দুৰ্লভ হোৱাত কৰ্ণেল সাহাব ভটীয়াই গুৱাহাটীলৈ গ'ল। ইস্কাট সাহাব গুৱাহাটীলৈ গই অসমীয়া 'ভাগি যোৱা লোকসকলক দেশলৈ ঘুৰি আহিবলৈ অনুৰোধ কৰিলে। অনেক লোকে কোম্পানীৰ সেনা কৰ্তৃক মানৰ পৰাস্ত হোৱা বাৰ্ত্তা পাই উজাই আহিল। অসম দেশত যে কোম্পানীৰ অধিকাৰ হ’ল এই কথা সেই ১৮২৪ সনৰ মে মাহত প্ৰকাশ কৰিলে। ই বৎসৰৰ যুদ্ধ যাত্ৰাৰ ফল এই হ’ল যে কলিয়াবৰলৈকে মানৰ আধিপত্য গুছি কোম্পানীৰ অধিকাৰ হ’ল। মানে ম’ৰামুখৰ পৰা ভটীয়াই আহি কলিয়াবৰ, নগাঁও, বহ৷ প্ৰভৃতি ঠাই আকৌ ললেহি। আৰু কেতবিলাক মান জয়ন্তালৈ গই সি দেশত ৰাজ্য আক্ৰমণৰ উদ্যোগ কৰিলে। সিহঁতে এই কথা নিশ্চয় জানিছিল যে ই দেশৰ পৰা সিহঁতে যাব লাগিব, সেই দেখি গ্ৰাম নগৰ ইত্যাদি লুৰি কেবল ধন লবলৈহে যত্ন কৰিছিল। সিহঁতে কৰ বুলিও অনেক ধন ললে। কৰ্ণেল বিচাৰ্ডস্ সাহাবে এই কথা শুনি এই দৌৰাত্ম্য নিবাৰিবলৈ কিছুমান সৈন্য পঠাই দি আপুনি ব্ৰহ্মপুত্ৰেৰে