পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5 ১৫৬ আসাম বুৰঞ্জী পূৰ্ব্ব প্ৰদেশৰ এজেন্ট মেং ইস্কাট সাহাবৰ ওপৰত এই ফালৰ যুদ্ধাদিব সকলে৷ ভাৰ সমৰ্পিত হ'ল। আসাম আৰু জয়ন্তা দুইও ফালৰ পৰা মানক খেদোৱা যুক্তিযুক্ত বিবেচনা হ'ল। ইস্কাট সাহাবে স্থলপথে কিছুমান সৈন্য লই শ্ৰীহট্ট আৰু জয়ন্তা হই অসম দেশ প্ৰবেশৰ স্থিৰ কৰিলে। ব্ৰিগ্ৰাডিয়েৰ মেকমৰিন্ সাহাব জলপথে ব্ৰহ্মপুত্ৰেৰে উজাই সসৈন্যে দেশ সোমাল। মানে গুৱাহাটীত ভালকৈ কাঠ বাঁহেৰে গড় কৰিছিল। কোম্পানীৰ সেনা অহা বাৰ্তা পাইয়েই মান উজাই গ'ল। কিন্তু হিংসাৰ বশবৰ্তী হই অনেক লোকৰ কাকে৷ কাটি কাকে৷ অঙ্গক্ষত কৰি গ'ল। সি সনৰ ২৮ মাৰ্চত ব্ৰিগাডিয়েৰ সাহাব গুৱাহাটী পালে। তাৰপৰা মান পলাই যোৱা বাৰ্ত্তা পাই আৰু উজাই যাবলৈ মন নকৰিলে৷ কিন্তু সন্মুখত বৰ্ষাকাল, দেশৰ দুৰবস্থা, খাদ্য সামগ্ৰীৰ কিজানি নাটনি হয়, এই ভাবি ব্ৰিগাডিয়েৰ সাহাব কিছুমান দিন তাতে থাকি ইস্কাট সাহাবলৈ প্ৰতীক্ষা কৰিলে। ইস্কাট সাহাব শ্ৰীহট্ট আৰু জয়ন্তাৰে ১৫ এপ্ৰিলত সসৈন্যে নগাঁও পালে। কিন্তু মূল সৈন্য দলে সইতে সকলে৷ পৰামৰ্শ স্থিৰ কৰিবলৈ কাপ্তান হৰ্শবৰাক নগাঁওত থই গুৱাহাটীলৈ গ'ল। ইস্কাট সাহাব আহিবৰ বাৰ্ত্তা পায়েই মান নগাঁও এড়ি মৰামুখলৈ গ'ল। পাছে তেওঁ ভটীয়াই যোৱা আৰু কাপ্তান হৰ্ণবৰাৰ লগত অলপ সৈন্য থক৷ শুনি মান কলিয়াবৰলৈ আহিল৷ ইফালে কৰ্ণেল ৰিচাৰ্ডস্ সাহাব ২৩ সংখ্যক দেশীয় পল্টনৰ পাঁচ কোম্পানী সিপাহী ও কিছুমান যুদ্ধৰ নৌকা লই নগাঁওলৈ আহিল। এবং কাপ্তান হৰ্শ্ববৰাই সইতে কলিয়াবৰলৈ গ'ল। মান উজাই বাঙ্গলীগড়লৈ গ'ল৷ ইয়াৰ মাঝত মানে সইতে এদিনো বণ হোৱা নাছিল। পিছে এক কোম্পানী পদাতিক আৰু কিছুমান অশ্বা- ৰোহী সেন৷ লই লেপ্টেনেণ্ট ৰিচাৰ্ডশন্, সাহাব আগুৱাই যোৱাত হাটবৰলৈ অহা মানে সইতে সাক্ষাৎ হোৱাত অলপ যুদ্ধ হয়। তাতে মান ভাগি পলায় কিন্তু অশ্বাৰোহী সেনাই ধৰি সিহঁতৰ সকলোবিলাককে কাটে। ইয়াতকৈ আগবঢ়াৰ নিমিত্তে কৰ্ণেল সাহাবৰ ইচ্ছা নাছিল। কোম্পানীৰ সেনাৰ মূল ভাগ কলিয়াবৰত থাকিল। কিছুমান হৰ্শবৰা