পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় জয়ন্তীয়| ব| জয়ন্ত৷ নামে এখান সৰু দেশ আছে, সি দেশৰ ৰজাই কোম্পানীৰ আশ্ৰয় গ্ৰহণ কৰি আছিল। মানব সেনাপতিয়ে জয়ন্তাৰ বজালৈকে৷ ব্ৰহ্ম৷ ৰজাৰ অধীন হ’বলৈ চিঠি লেখিছিল আৰু তেনে নকৰিলে দেশ আক্ৰমিবৰ ভয় দেখুৱাইছিল৷ জয়ন্তাৰ ৰজাই সেইৰূপ কাৰ্য্য নকৰাত তেওঁৰ দেশত মানে আক্ৰমণ কৰিবলৈ ধৰিছিল কিন্তু কোম্পানীৰ কাছাৰত থকা সৈন্যৰ নিমিত্তে নোৱাৰিলে। অসম দেশত ক্ৰমে যেতেকে মানৰ আধিপত্য অধিক হই আহিল তেতেকে সিহঁতৰ সাহস বৃদ্ধি হব ধৰিলে। পাছে মণিপুৰ আৰু অসম দুয়ো ফালৰ পৰা মানৰ সেনা জয়ন্তা ও কাছাৰৰ সেনাই সইতে কোম্পানীৰ সেনাৰ বিক্ৰমপুৰ দুৱাৰৰ মুখতে শ্ৰীহট্ট সীমাতে সন্মুখাসন্মুখী হ’ল। কোম্পানী অধিকাৰৰ চট্টগ্ৰামৰ ওচৰত আৰাকান নামে যি প্ৰদেশ আছিল, তাকো মানে ললে। ইয়াতে সিহঁতে বড় গৰ্বিত হই ১৮২৩ সনত চট্টগ্ৰামৰ সমীপবৰ্ত্তী সাহপুৰী নামে এটি ক্ষুদ্ৰ দ্বীপ অধিকাৰ কৰিলে। কিন্তু সেই দ্বীপটি ইংৰাজৰ অধীন আছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড আমহাৰষ্ট সাহাবে দেখিলে যে ব্ৰহ্মা দেশে সইতে বঙ্গ প্ৰদেশৰ সীমা সংলগ্ন হ’ল। বিশেষ সাহপুৰী দ্বীপো আক্ৰমণ কৰিলে এনে স্থলত যুদ্ধ নকৰিলে ব্ৰিটিশ পতাকাৰ সম্ভ্ৰম নাথাকে। ক্ৰমে সিহঁতে দুঃসাহসত নিৰ্ভৰ কৰি সীমান্তঃপাতী প্ৰজাৰ অত্যাচাৰ কৰিব। এই নিমিত্তে ব্ৰহ্ম। দেশে সইতে ১৮২৪ সনৰ ফেব্ৰুয়াৰিত যুদ্ধ কৰাই মত হ’ল। গবৰ্ণমেণ্টৰ আজ্ঞাৰে ঢাকাৰ পৰা ইতিমধ্যতে সেনাপতি ব্ৰিগাডিয়েৰ মেকমৰিন্ সাহাব কিছুমান সৈন্যে সইতে গুৱালপাড়াত মানৰ অক্ৰমণ নিষেধিবলৈ

  • আহি আছিল। ওপৰত কোৱা মানৰ আক্ৰমণৰ বাৰ্ত্তা পাই গুৱাল-

পাড়াৰ সেনাপতিলৈ গবৰ্ণমেন্টে এই আজ্ঞা দিলে যে কোম্পানীৰ সৈন্য আসাম দেশ প্ৰবেশ কৰি উজাই গই মানক সিহঁতৰ প্ৰধান ঠাইৰ পৰা খেদাই দিব। আৰু ব্ৰিটিশ ৰাজ্যৰ সম্ভ্ৰম লাভ আৰু খ্যাতি যিহতে হানি নহয় সেই কাৰণে যি প্ৰয়োজন তাক কৰিব এবং লাগিলে যুদ্ধও কৰিব। এই আজ্ঞাৰ লগে লগে ব্ৰহ্মাৰ দেশে সইতে যুদ্ধৰে৷ আজ্ঞা ১৮২৪ সনৰ ৫ মাৰ্চ্চত প্ৰচাৰিত হ'ল। গবৰ্ণৰ জেনেৰেল উত্তৰ ১৫৫