পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
দ্বিতীয় অধ্যায়

শব্দে আহোমবিলাককহে বুঝাইছে।[১] এই যুক্তিৰ এইটোহে ঠাৱৰ হয় যে অহম বা আহোম শব্দব পৰাহে অসম নাম ওলাইছে।

 এই দেশৰ লোকসকলক প্ৰধানকৈ তিনি শ্ৰেণীত ভাগ কৰিব পাৰি। প্ৰথম আৰ্য্য অৰ্থাৎ যিবিলাক আৰ্য্যাবৰ্ত্ত বা ভাটীৰ পৰা আহি বাস কৰিছে আৰু যাৰ ভাষা সংস্কৃতমূলক। ইয়াৰ মাঝত ব্ৰাহ্মণ কলিতা কেওট প্ৰভৃতি যি বিলাকে সংস্কৃত মূলক অসমীয়া ভাষা কয় সেই সকলো পড়ে। দ্বিতীয় অনাৰ্য্য অৰ্থাৎ যি সকল লোক আৰ্য্য সন্তান নহয় আৰু যি এই দেশতে আদিৰে পৰা বাস কৰি আছে বা পাঁছে এই দেশলৈ আহিছে আৰু যাৰ স্বতন্ত্ৰ ভাষা আছিল বা আছে। ইয়াৰ মাঝত এই দেশৰ মিকিৰ কছাৰী, লালুঙ্গ, আহোম প্ৰভৃতি পড়ে। তৃতীয় মিশ্ৰ জাতি অৰ্থাৎ আৰ্য্য আৰু অনাৰ্য্য জাতিৰ দ্বাৰা উৎপন্ন হোৱা জাতি। অধিকাংশ কোঁছ আৰু ছুটিয়া প্ৰভৃতি জাতি ইয়াৰ অন্তৰ্গত।

 ভাৰতবৰ্ষৰ সকলো দেশৰ বিবৰণ জানিবলৈ মহাভাৰত এখানি প্ৰধান ইতিহাস। ব্যাসদেবে ইয়াক ৰচনা কৰিছে। আৰু জনমেজয়ে ইয়াক বৈশম্পায়নৰ মুখে শুনিছিল। ইয়াক স্বীকাৰ কৰিলে ইয়াৰ ৰচনা কলিযুগৰ আদিতে যে হইছে এনে সিদ্ধান্ত কৰিব লাগে। সেই হ’লে হিন্দুগণনানুসাৰে সেই ইতিহাসৰ সময় প্ৰায় ৫০০০ হাজাৰ বছৰ হইছে। সেই গ্ৰন্থত যি বিবৰণ আছে সেই মতে এই দেশৰ স্বতন্ত্ৰ নাম তেতিয়া থকা জনা গইছে। সেই কালৰ ভগদত্ত, বাণ, ভীষ্মক, ঘটোৎকচ প্ৰভৃতি এই দেশৰ ৰজা সকল আৰ্য্য সন্তান আছিল। ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে সেই সময়ত ইয়াৰ প্ৰজা অধিকাংশই আদিবাসী অনাৰ্য্য আছিল। কিয়নো সেই সকল ৰজাৰ দেশ অসুৰ বা ৰাক্ষসৰ দেশ বুলি প্ৰসিদ্ধ আছিল। কিন্তু বৈদিক জাতিৰ উপাস্য কৃষ্ণ, দুৰ্গা, শিৱ প্ৰভৃতি দেৱতাৰ পূজাও এই দেশত চলিছিল। ভগদত্ত আৰু ভীষ্মক, দেবীৰ উপাসক আছিল। এই কাৰণৰ দ্বাৰা প্ৰতীয়মান হয় যে সেই সময়ৰ পূৰ্ব্বেই ইয়ালৈ আৰ্য্য জাতি আহিছে।

  1. এঠাইত এনে লেখা আছে “গাৰো, ভোট, অসম, কছাৰী।” “অসম” শব্দ আভকতীয়া পৰ্ব্বতীয়া জাতিৰ মাজত আছে। সেই সময়ত আহোম বিলাকে আভকতীয়া আছিল সেই দেখিহে এইৰূপে লেখা গইছে