পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী নাৰায়ণৰ পৰা গবৰ্ণমেন্টে এনে আবেদন পাইছিল যে তেওঁ মণিপুৰৰ ফালৰ পৰা আক্ৰমণৰ আশঙ্কা কৰে। তাতে গবৰ্ণমেণ্ট সহায় কৰে। ১৮-২০ সনত গোবিন্দচন্দ্ৰক মণিপুৰৰ পৰা অহা চৰজীত সিংহ, মনজীত সিংহ আৰু গম্ভীৰ সিংহ নামে তিনি ভায়েক আকৌ মানৰ দ্বাৰা সিহঁতৰ নিজ দেশৰ পৰা খেদা পাই আহি কাছাৰতে আছিল। গোবিন্দচন্দ্ৰ ৰাজ্যচ্যুত হোৱাৰ পাছত সি তিনি ভ্ৰাতৃৰ মাঝতে ৰাজসিংহাসনৰ নিমিত্তে বিৰোধ হোৱাত দেশত মহা উপপ্লব আৰু হুলস্থুল হ’ল৷ তাতে সেই ফালে কোম্পানীৰ সীমাৰ ওচৰত আমাৰ এই ফালৰ দৰে বড় উপদ্ৰৱ হ'ল। ইংৰাজী ১৮২৩ সনত চৰজীত সিংহে এইৰূপ এক আবেদন গুবৰ্ণমেণ্টলৈ কৰিলে যে তেওঁ মানৰ পৰা আক্ৰমণৰ আশঙ্কা কৰে আৰু গবৰ্ণমেণ্টক কাছাৰ ৰাজ্য সমৰ্পণ কৰিব। এই দেশৰ ফালেও মানৰ আক্ৰমণৰ আশঙ্কা হোৱাত গবৰ্ণমেণ্টে সি প্ৰস্তাবৰ প্ৰতি বড়কৈ মন দিলে। কাছাৰ কেতিয়াও ব্ৰহ্ম৷ দেশৰ অধীন নাছিল। মনজীত সিংহ ব্ৰহ্ম৷ ৰজাৰ সাহায্যত মণিপুৰ দেশ যেতিয়া লইছিল আৰু ব্ৰহ্মাৰ অধীনত৷ স্বীকাৰ কৰিছিল, তেতিয়া এবাৰ মানে কাছাৰ আক্ৰমিছিল, কিন্তু সিহঁত শীঘ্ৰে কাছাৰৰ পৰা খেদা খালে। আৰু কেতিয়াবা যে সি দেশ ব্ৰহ্মাৰ অধীন হইছিল, তাৰ চিন মাত্ৰও নাছিল। কাছাৰৰ কালৰ মান শীঘ্ৰে কোম্পানীৰ দেশলৈ আহিব পাৰে৷ ইফালে মানে আহি অসম দেশ আক্ৰমণ কৰিছে এবং কাছাৰকে৷ আক্ৰমণ কৰিবলৈ উদ্যোগ কৰিছে সেই দেখি ৰাজ্যৰ কুশলৰ অৰ্থে কাহাৰ প্ৰদেশ গবৰ্ণমেন্টে লবৰ সংকল্প কৰি কোম্পানীৰ আশ্ৰয় লই থকা ৰাজ্যচ্যুত হোৱা ৰজাক সি দেশত পাতিবলৈ ইচ্ছা কৰিছিল, এনেতে এই সংবাদ পোৱা গল যে মানে কাছাৰ আক্ৰমিবলৈ সৈন্য সংগ্ৰহ কৰিছে। উত্তৰ পূৰ্ব্ব ফালৰ গবৰ্ণৰ জেনেবেলব এজেণ্ট মেং ইস্কাট সাহাবে অসম দেশত থকা মানব সেনাপতি লই কাছাবে সইতে কোম্পানীৰ যি সম্পৰ্ক তাক জনাই সেই দেশ আক্ৰমণ নকৰিবলৈ পত্ৰ লিখিলে। কিন্তু তাৰ বিশেষ ফল নহ'ল। অথচ এনেহে পালে যে ব্ৰহ্মাৰ অধীন মণিপুৰ আৰু অসম দেশৰ পৰা কাছাৰ আক্ৰমিবলৈ উদ্যোগ কৰিছে। অসম দেশ ও কাছাৰৰ মাঝতে Sas