পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায়- গাৰে৷ প্ৰভৃতি পৰ্ব্বতীয়৷ জাতিক সভ্য কৰিবলৈ আৰু সিহঁতৰ দেশে সইতে কোম্পানীৰ অধিকাৰৰ সীমা নিৰ্দ্ধাৰণ কৰিবৰ নিমিত্তে ১৮২২ সালত এটি আইন গবৰ্ণমেণ্ট কৰ্তৃক সংস্থাপিত হয়। সি আইন ১৮২২ সনৰ ১০ আইন নামে প্ৰসিদ্ধ। ই আইনৰ কাৰ্য্য কৰিবলৈ কেঁাঁচবিহাৰৰ কমিশ্যনৰ ইস্কাট সাহাব গবৰ্ণৰ জেনেৰেলৰ উত্তৰ প্ৰদেশৰ এজেন্ট নিযুক্ত হয়। পূৰ্ব্বে গুৱালপাড়া ভাটী বঙ্গপুৰ জিলাৰ এক অংশ মাত্ৰ আছিল কিন্তু সি সনৰ পৰা ই এক স্বতন্ত্ৰ জিলা হ’ল। অসম দেশত মানে অধিকাৰ কৰি থকাৰ হেতুকে গুৱালপাড়াত এক দল সৈন্যও থলে। আৰু, তাৰ অধিপতি লেপ্টেনেণ্ট ডেবিসন্ সাহাব আছিল। এইজনা অকি মেং ইস্কাট সাহাবে আমাৰ দেশৰ ভগনীয়৷ লোক সকলক বড় স্নেহ কৰিছিল। এই হেতুকে যেতিয়া ম'হগড়ৰ যুদ্ধৰ পাছত চন্দ্ৰকান্ত স্বৰ্গদেৱ ভটীয়াই গুৱালপাড়ালৈ আহিল, তেতিয়া মানৰ সেনাপতিবিলাকে সেই লেপ্টেনেণ্ট সাহাবলৈ ভয় প্ৰদৰ্শকৰূপে এখান পত্ৰ লেখে। এই চিঠিত এনে লেখে যে সিহঁতৰ ৪০ জনা ৰজাৰ অধীন ১৮০০০ যোদ্ধাৰু সেনা; সিহঁতৰ সকলো প্ৰকাৰ ইচ্ছা যে কোম্পানীয়ে সইতে মিত্ৰতা ৰাখে আৰু কোম্পানীৰ ৰাজ্যৰ সীমালৈ নাযায় কিন্তু যদি চন্দ্ৰকান্ত ৰজাক আশ্ৰয় দিয়া হয় তেনেহলে তেওঁ কোম্পানীৰ ৰাজ্যৰ য’তে থাকে ত’ৰে পৰা বলেৰে ধৰি আনিবলৈ ৰজাৰ আজ্ঞা পাইছে। এই চিঠি লেপ্টেনেন্ট সাহাবে ইস্কাট সাহাবলৈ পঠালে। সেই সাহাবে গবৰ্ণব জেনেৰেল সাহাবলৈ মানৰ পৰা যে উপদ্ৰৱ পাবৰ আশঙ্কা, তাক জনোৱাত গবৰ্ণ- মেণ্টৰ পৰা ঢাকাৰ সৈন্যাধ্যক্ষলৈ এনে আজ্ঞা হ'ল যে ইস্কাট সাহাবে যি সেন৷ খোজে তাক দিয়া হব আৰু যদি সেই চিঠিত লেখাৰ দৰে মানে কোম্পানীৰ সীমা বলেৰে প্ৰবেশ কৰে তেনেহলে সিহঁতকো বলেৰে খেদাই দিয়া হ’ব। এই আজ্ঞা অনুসাৰে সেনা পঠিওৱা হ’লত মানে ইয়াৰে বাৰ্ত্তা পাই এই ফালে কোম্পানীৰ সীমাত নোজোকালে। তেতিয়া গুৱালপাড়া আৰু যোগীঘোপালৈ হাদীৰা চকিৰ পৰা মানে হাট বজাৰ কৰিবলৈ গইছিল হয় কিন্তু একে৷ উপদ্ৰৱ নকৰিলে। ইংৰাজী ১৮১৭ সনৰ পৰা কাছাৰৰ প্ৰাচীন ৰজা গোবিন্দচন্দ্ৰ 20 ১৫৩