পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী পাছত ক্ৰমে উত্তৰ পশ্চিম প্ৰদেশ অযোধ্যা প্ৰভৃতি দেশত কোম্পানীৰ অধিকাৰ হ’ল। পৰিশেষত ১৭৯৩ সনত লৰ্ড কৰ্ণওৱালিস্ সাহাবে কোম্পানীৰ পক্ষৰ ভাৰতবৰ্ষৰ গবৰ্ণৰ অৰ্থাৎ শাসনকৰ্ত্তা হই দেশ শাসন কৰিবলৈ ধৰিলে। এবং সেই সনতে বঙ্গদেশৰ জমীদাৰসকলে সইতে ভূমি চিৰকালৰ নিমিত্তে বন্দোবস্ত কৰা হ'ল। আৰু সেই সনতে দেশত সুশাসন হবলৈ প্ৰথমে বিধিবদ্ধ হই আইন চলিল। গৌৰীনাথ সিংহ স্বৰ্গদেৱ মোৱামৰীয়াৰ পৰ৷ উপদ্ৰুত হই কোম্পানীৰ সাহায্য প্ৰাৰ্থন৷ কৰাত ১৭৯২ সনৰ শেষত লৰ্ড কৰ্ণওৱালিস্ সাহাবে কাপ্তান ওৱেল্‌স্ক কিছুমান সেনাৰে ৰজাৰ সাহায্যৰ অৰ্থে পঠায়। কাপ্তান সাহাবে মোৱামৰীয়াৰ উপদ্ৰৱ নিবাৰণ কৰে আৰু ই দেশৰ প্ৰজাসমূহৰ উপকাৰৰ নিমিত্তে যথেষ্টৰূপে গবৰ্ণমেণ্টে ইয়াৰ কাৰ্য্য পৰিচালনাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰে। কিন্তু ১৭৯৪ সনত সৰ্জন শোৰ সাহাব গবৰ্ণৰ হোৱাত কাপ্তান সাহাব সসৈন্যে কলিকাতালৈ গ'ল। আৰু এই দেশৰ অবস্থ৷ ক্ৰমে অতি অশুভ হ’ল। সি সময়তে যদি ই দেশ. ইংৰাজ দ্বাৰা অধিকৃত হ’ল হয় তেনেহলে ইয়াৰ অবস্থ৷ এতিয়াতকৈ শতগুণে ভাল হলহেঁতেন তাত কোন সংশয় নাই৷ পুৰন্দৰসিংহ স্বৰ্গদেৱ দ্বিতীয়বাৰ মান অহাত যোৰহাটৰ পৰা ভাগি কলিকাতালৈ গ'ল। তেওঁ এইৰূপে এক আবেদন পত্ৰ ১৮১৯ সনত সেপ্টেম্বৰ মাহত দিয়ে যে কোম্পানীয়ে দেশখন মানক খেদাই তেওঁক দিয়ক, তেওঁ সৈন্যৰ ব্যয় দিব আৰু কৰদ ৰজা হ’ব। কিন্তু এই আবেদনৰ প্ৰতি দৃপাত কৰা নহল। সি সময়ত কেঁাঁচবিহাৰ প্ৰদেশত মেং ইস্কাট সাহাব আছিল। মানৰ হুলস্থূলৰ সময়ত এইজনা সাহাবে পাৰিছিল মানে আমাৰ দেশৰ অবস্থা গবৰ্ণমেণ্টত জনাই আছিল। ১৮২১ সনত যেতিয়া পুৰন্দৰসিংহ আৰু চন্দ্ৰকান্তসিংহ দুয়ে৷ দেশ উদ্ধাৰিবলৈ উদ্যোগ কৰিছিল তেতিয়া মানৰ মিঙ্গীমাহা তিলুৱা সেনাপতিয়ে গবৰ্ণমেণ্টলৈ চন্দ্ৰকান্তসিংহ প্ৰভৃতিক কোনো সাহায্য নিদিবলৈ পত্ৰ লেখে। ইস্কাট সাহাবে সদাই গবৰ্ণমেণ্টত প্ৰকৃত অবস্থ। জনাই থকাত গবৰ্ণমেণ্টে মানৰ সেনাপতিৰ পত্ৰৰ প্ৰতি বিশেষ মানোযোগ নকৰিলে। বিশেষতঃ সেই পত্ৰৰ মৰ্ম্ম ৰক্ষা কৰ৷ ৰাজনীতিৰে৷ বিপৰীত। ১৫২ .