পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ অধ্যায় ইউৰোপৰ লোকসকলৰ বহু কালৰ পৰা জলপথেৰে ভাৰতবৰ্ষলৈ আহি বেপাৰ কৰিবৰ বড় ইচ্ছা আছিল। ভাৰতবৰ্ষৰ পথ আবিষ্কাৰ কৰিবৰ উদ্দেশতে পৰ্তুগল দেশৰ প্ৰসিদ্ধ নাবিক কলম্বসে আমেৰিকা প্ৰকাশ কৰিলে। পাছে ১৪৯৮ সনত সেই দেশৰে ভাস্কো ডি. গামাই উত্তমাশ৷ অন্তৰীপ ঘূৰি ভাৰতবৰ্ষৰ পথ উলিয়ালে। তেতিয়াৰে পৰা পৰ্তুগাল, ফ্ৰান্স, ডেন্মাৰ্ক, হলেণ্ড, ইংলণ্ড প্ৰভৃতি দেশৰ বণিকসকলে জাহাজেৰে ভাৰতবৰ্ষলৈ আহি নান৷ ঠাইত কুঠি কৰি বেপাৰ কৰিবলৈ ধৰিলে। ইংৰাজী ১৬০০ সনত ইংলণ্ডৰ মহাৰাণী এলিজাবেথৰ পৰা সেই দেশৰ কেইজনমান বণিকে ভাৰতবৰ্ষত জাহাজেৰে বেপাৰ কৰিবলৈ অনুমতি পালে। সেই বেপাৰীবিলাককে ইষ্ট ইণ্ডিয়া কোম্পানী বোলে৷ এই কোম্পানীয়ে পৃথিবীত এক অতি অদ্ভুত কীৰ্ত্তি স্থাপিত কৰিলে। এই কোম্পানীয়ে কলিকাতা, মাদ্ৰাজ, বম্বেই, সুৰাট, হুগলি, বালেশ্বৰ, কাশীমবাজাৰ, পাটনা প্ৰভৃতি ভাৰতবৰ্ষৰ নানা ঠাইত বেপাৰৰ কুঠি কৰিলে।' আৰু কলিকাতা প্ৰভৃতি কোনো কোনো ঠাইত হুৰ্গ বা কিল্লাও কৰিলে। ইংৰাজবিলাকৰ বুদ্ধি আৰু জ্ঞানৰ নিমিত্তে ইউৰোপৰ আন আন দেশৰ বেপাৰতকৈ, তেওঁবিলাকৰ বড় উন্নতি হ'ল। ক্ৰমে তেওঁবিলাকে কাৰ্য্যৰ অনুৰোধত মুসলমান বাদসাহ আৰু নবাবৰ বিপক্ষতাচৰণ কৰিবলৈ ধৰিলে। পৰিশেষত ইংৰাজী ১৭৫৭ সনৰ ২৩ জুনত বঙ্গদেশৰ নবাব সিৰাজউদ্দৌলাৰে সইতে পলাশীত যুদ্ধ হোৱাত ইংৰাজ জয়ী হ’ল। সি যুদ্ধৰ প্ৰধান সেনাপতি ও কাৰ্য্যকাৰক লৰ্ড ক্লাইৱ নামে সাহাব আছিল। ইয়াৰ পাছত বঙ্গদেশত মুঠে নাম মাত্ৰ নবাব আছিল। ১৭৬৫ সনৰ ১২ আগষ্টত দিল্লীৰ বাদশাহা সাহা আলমে কোম্পানীক বঙ্গ, বেহাৰ আৰু উড়িষ্যা প্ৰদেশৰ দেওয়ানী সনন্দ প্ৰদান কৰিলে। তেতিয়াৰে পৰা কোম্পানী সেই সেই দেশৰ অধিপতিৰূপে বাচ্য হ’ল। সৌভাগ্য সূৰ্য্যৰ উদয় হলে তাৰ অস্ত হঠাৎ নহয়। ইয়াৰ