পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায় প্ৰাণ নষ্ট কৰে। সিহঁতে অপৰাধীক যেনে এক প্ৰকাৰে বান্ধিছিল যে অদ্যাপি মানুহে “মানবন্ধ৷” বুলিলে কম্পমান হয়। প্ৰথমতে মানে বড় দৌৰাত্ম্য কৰিছিল হয় পাছলৈ সি সকলো গুছিল, কেবল ভগনীয়৷ দেশ আক শাসন স্থিৰ নোহোৱাত কিছু অমঙ্গল হইছিল। এনে প্ৰবাদ আছে বোলে মিঙ্গীমাহ৷ বান্দুলাই গই ব্ৰহ্ম৷ ৰজাৰ আগত মিঙ্গীমাহ৷ তিলুৱাৰ দ্বাৰা দেশত সুশাসন নহই বড় অনিষ্ট হোৱাৰ বাৰ্ত্তা কোৱাত ৰজাই তেওঁক ই দেশৰ পৰা নিয়াই মিঙ্গিমাহানন্দ ক্যাডেঙ্গক পঠালে। কামৰূপতো পূৰ্ব্বৰ দৰে চৌধুৰী প্ৰভৃতি পতা হই বিষয় কাৰ্য্য চলোৱা হইছিল। এনে কথিত আছে বোলে মানে “খৰিক৷ টনা” নামে এবিধ কৰ গ্ৰহণ কৰিছিল। ঘৰ মুৰি একোডাল খৰিকা টানি সেই অনুসাৰে মানে মানুহৰ কৰ গ্ৰহণ কৰিছিল। ১৭৪৫ শকত ৰবৰ্ট ব্ৰুস নামে বেপাৰী সাহাব এজনা এই দেশলৈ আহে। তেওঁ ৰঙ্গপুৰ নগৰলৈকে গইছিল। তেওঁ বিশেষ অনুসন্ধান কৰি ইয়াকে জানিলে যেই দেশত চাহগছ স্বাভাবিকৰূপে জন্মে। চাহৰ প্ৰথম আবিষ্কাৰৰ সোপান ইয়াৰে পৰা আৰম্ভ হয়। গুৱালপাড়াৰ সৈন্য দলৰ অধিপতি লেপটেনেণ্ট ডেবিডসন সাহাবৰ পৰা ব্ৰিটিশ সীমাত সোমাবলৈ মানক নিষেধ কৰাৰ পৰ৷ মানে গুৱালপাড়াৰ ফালে ব্ৰিটিশ সীমা স্পৰ্শ নকৰিলে। কিন্তু কাছাৰৰ ফালে আক্ৰমণ কৰাত গবৰ্ণমেন্টে ব্ৰহ্মাদেশে সইতে যুদ্ধ আৰম্ভিলে। ঢাকাৰপৰা ব্ৰিটিশ সৈন্য গই ১৭৪৬ শকৰ মাঘত অসম দেশ অধিকাৰ কৰিলে। ইয়াৰ সবিশেষ বিবৰণ তলৰ অধ্যায়ত লিখা যাব। ১৭৪২ শকৰ দুই চ'তত চন্দ্ৰকান্ত স্বৰ্গদেৱ ভটীয়াই যাবৰে পৰা ১৭৪৬ শকৰ ২১ মাঘ যিদিনা মানৰ সেনাপতি শ্যাম ফুকন আৰু নিবাৰু ফুকনে সইতে দেশত হুলস্থূল নকৰি নিজ দেশলৈ মান যাবৰ নিমিত্তে মেং ইস্কাট কমিশ্যনাৰ সাহাবে “একৰাৰ” লোৱালৈকে সৰ্ব্বমুঠে তিনি বছৰ দহ মাস ১৯ দিন মানে অসম দেশ অধিকাৰ কৰে। এই সময়ত ই দেশৰ অবস্থা যি হইছিল তাক লিখা অতি বাহুল্য। সংক্ষেপে ইয়াকে কব লাগে যে প্ৰজাৰ ধন প্ৰাণ মান একেবাৰেই স্থিৰ নাছিল। কৃষি, বাণিজ্য শিল্প প্ৰায় সকলোঁ কাৰ্য্য ১৪৭