পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ আসাম বুৰঞ্জী বাধা দিওঁতা আৰু ক’তো নহ'ল। চন্দ্ৰকান্ত স্বৰ্গদেৱে বিবেচনা কৰিলে বোলে আদিৰে পৰা মানে তেওঁৰ সইতে মিত্ৰতা দেখুৱাই- ছিল। বৰং তেওঁ পলাই অহাতো তেওঁক নিবলৈ বাৰ্ত্ত৷ পঠোৱাত তেওঁ নগ’লত মাত্ৰ যোগেশ্বৰ সিংহক ৰজা পাতিছে। এতেকে মানৰ শৰণাপন্ন হলে তেওঁৰ একে৷ হানি নকৰে। ইয়াকে ভাবি সি শকৰ মাঘত স্বৰ্গদেৱ গুৱালপাড়াৰ পগলা টেকৰ পৰা অকলে উজাই গ'ল। উত্তৰ পৰীয়াক জয় কৰাৰ পাছত মানৰ এনে বিশ্বাস হ’ল যে অসম দেশত আৰু সিহঁতৰ একাধিপত্য হ’ল। বিশেষ নিজৰ দেশতো সৈন্যৰ আবশ্যক হ’ল এবং কাছাৰ মণিপুৰ আৰু জয়ন্তাৰ ফালেও আক্ৰমণ কৰিবলগীয়া হইছিল। কিয়নো ই দেশ বড় বুলি সিহঁতে পূৰ্ব্বৰে পৰ৷ বিশ্বাস কৰিছিল। পিছে এইখনেই যেতিয়া অধিকাৰ হ’ল তেতিয়া সিহঁতে সেই সেই দেশ যে অকণ্টকে ল’ব পাৰিব এনে বোধ কৰিলে। মিঙ্গীমাহ৷ বান্দুলাই সৈন্যৰ আৰু নিজৰ খৰচ বুলি খাটি থকা ভাল মানুহবিলাকত বাজে অপাইকান্ চমুৱাৰ ঘৰ মুৰি আৰু পাইকানৰ পোৱা মুৰি ৫ টকাকৈ বৰঙ্গাণ লৈ ব্ৰহ্মা দেশলৈ গ'ল। ইয়াৰ পূৰ্ব্বে মানে আৰু কৰ বুলি একো লোৱা নাছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ উজাই যাওঁতে কোনে৷ প্ৰকাৰে বাধা নাপালে। যেতিয়া যোৰহাট পালে গই তেতিয়া মিঙ্গীমাহা তিলোৱাই তেওঁক ৰাজ্য নিদি বঙ্গপুৰতে যোগান দি থলে। ১৭৪৫ শকৰ আশ্বিনত মিঙ্গীমাহা তিলুৱা স্বদেশলৈ গ'ল আৰু তেওঁৰ পদত মিঙ্গীমাহানন্দ ক্যাডেঙ্গ মগাউন প্ৰধান সেনাপতি হ’ল। মিঙ্গীমাহা বান্দুল৷ অহাৰে পৰা মানে দেশ লুৰি ফুৰাতকৈ প্ৰকৃতৰূপে শাসন কাৰ্য্যৰ প্ৰতি মন দিলে। আগৰ য’ৰ যি বিষয়| আছিল সেই সেই বিষয়৷ পাতিলে। আৰু সিসকলক পূৰ্ব্বৰ দৰে বিচাৰ আৰু শাসনত নিযুক্ত কৰিলে৷ মানৰ প্ৰতি আক্ৰমণ নকৰিলে দেশীয় লোকৰ দণ্ড নকৰিছিল। কিন্তু যেতিয়া মানে দেশীয়লোকক আক্ৰমণ কৰে তেতিয়া তাক উপযুক্ত শাস্তি দিছিল। শাস্তি দিওঁতে হলে যিনান উগ্ৰ হব পাৰে তাত একো বিবেচনা নকৰিছিল। প্ৰায় অপৰাধীক দীঘলে পেট ফালি