পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

16 আসাম বুৰঞ্জী স্থগিত আছিল। অনেক অনেক স্ত্ৰীৰ সতীত্ব পৰ্য্যন্ত নষ্ট হইছিল। আৰু অনেক লোকে মানৰ ভয়ত আপোনাৰ প্ৰিয় পুত্ৰ, পত্নী, কন্যাকো পৰিত্যাগ কৰিছিল। সিহঁতে অনেক দেবালয় ও গাঁও ভাঙ্গি আৰু পুড়ি ছাই কৰিলে। এবং দেবতালৈ দিয়৷ বস্তুকে। অপহৰণ কৰিলে। এই দেশীয় অনেক মানুহে ছদ্মবেশী মান হই অনেক উপদ্ৰব কৰিছিল। সি সকলোকে “দোৱনীয়৷” বোলে। প্ৰকৃত যি মান তাতকৈ ইসকলৰহে অত্যাচাৰ প্ৰবল আছিল। দেশ জয়. কৰা, নিজৰ আহাৰ 'সংগ্ৰহ কৰা আৰু ধনোপাৰ্জন কৰাই মানৰ মুখ্য উদ্দেশ্য আছিল। কিন্তু সেই নিষ্ঠুৰ দোৱনীয়াবোৰে হিংসা, লোভ প্ৰভৃতি ৰিপুৰ বশবৰ্ত্তী হই অনেক অত্যাচাৰ কৰিলে। এই কালৰ কোনো এটি লোকৰ বা এটি পৰিবাৰৰ জীবনচৰিত লিখিলেই এখনি সুন্দৰ পুথী হ’ব পাৰে। মানৰ উপপ্লবত ই দেশ প্ৰায় জনশূন্য হ’ল। লোকবিলাকৰ এনে হ’ল যে কেতিয়৷ ঈশ্বৰে এই অত্যাচাৰৰপৰা উদ্ধাৰ কৰে। অসম দেশৰ এনে দুৰবস্থা দেখি চিংফৌ, খামতী, প্ৰভৃতি পৰ্ব্বতীয়৷ লোকেও হিংসা, অসূয়া কৰিব ধৰিলে। এই উপদ্ৰবত থাকিব নোৱাৰি অনেক লোক দেশ এড়ি কোনো ভটীয়াই কোনো মণিপুৰ, জয়ন্তা ত্ৰিপুৰাৰ ফালে আশ্ৰয় পাবলৈ পলাই গ'ল।* যেনেকৈ কোনে৷ এটি লোকৰ তেনেকৈ কোনো এখন দেশৰ অবস্থ। চিৰকাল একেদৰে নাথাকে। এই দেশীয় লোক সকলে দৌৰাত্ম্যকাৰী ৰজা আৰু আক্ৰমণকাৰী আক্ৰমণত নিতান্ত ক্লান্ত ও শ্ৰান্ত হই যি আৰ্ত্তনাদ কৰিছিল, তাক পৰমেশ্বৰে শ্ৰবণ কৰি এই দেশলৈ ইংৰাজক প্ৰেৰণ কৰিলে, যি উপায়েৰে তেওঁৰ অভিপ্ৰায় কাৰ্য্য সিদ্ধি হ’ল তাৰ বিবৰণ লিখিবলৈ এতিয়| আমি আৰম্ভ কৰিলো। এই ভয়ানক উপদ্ৰবৰ কালত কোনোয়ে আপোনাৰ ধন সম্পত্তিলৈ নাচাই প্ৰাণ মাত্ৰ লই বিদেশলৈ গ'ল৷ এনে কি মানে খেদি আহি পাব, এই কাৰণে শিশু সন্তানৰ কান্দন নিবাৰিব নোৱাৰি আপোন পিতৃ মাতৃয়ে তাক বধ কৰিছিল!! এই সময়ত আমাৰ দেশৰপৰা ভাগি পলাই যোৱা অনেক লোকৰ সন্তান সন্ততি এতিয়াও বঙ্গাল দেশৰ নানা ঠাইত পোৱা যায়।