পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায় স্বৰ্গদেৱক মানে খেদি নিলে। সৌভাগ্যৰ বিষয় এই যে মানৰ সৈন্যৰে৷ অনেকে আঘাত পোৱাত আৰু বাৰুদ নোহোৱ৷ গতিকে পাছে পাছে খেদি যাব নোৱাৰাত স্বৰ্গদেৱ নিৰ্ব্বিপ্নে গুৱালপাড়া পালে গই। তাৰ পৰাও ভটীয়াই চিলমাৰীলৈ গ'ল। মহগড়ৰ যুদ্ধত মানবিলাক যদিচ জয়ী হ’ল, তথাপি এই শিক্ষা পালে যে বিদেশত ৰাজ্যাধিকাৰ কৰা সামান্য নহয়। তাৰ পৰা কঠিনৰূপে লোকসকলক পীড়া দিবলৈ ধৰিলে। ইয়াতে যিসকল লোক দেশত থাকিল সিসকলে দুঃখ পাই দাঁতিয়ে দুৱাৰে পলাই গ'ল। বিলাকে বা ভটীয়াই গ'ল। ১৪৫ এই পৰ্য্যন্ত মানৰ প্ৰতি আমাৰ মানুহৰ ভয় আছিল। ক্ৰমে দৌৰাত্ম্য অধিক হোৱাত এক প্ৰকাৰে নিৰ্ভৰস৷ হোৱাৰ দৰে দেশীয় মানুহেও মৰণত শৰণ দি যুজিবলৈ ধৰিলে। এই প্ৰকাৰেও মানৰ অনেক প্ৰাণ নষ্ট হয়। কোনো কোনো ঠাইত অল্প সংখ্যক গ্ৰাম্য \ লোকসকলেই মাৰি ধৰি খেদালে। উত্তৰ পাৰে এই পৰ্য্যন্ত মানৰ বড় উপদ্ৰৱ হোৱা নাছিল। দেশীয় মানুহবিলাক তাতে আশ্ৰয় লই আছিল। আবৰ ডফলা প্ৰভৃতি লোকবিলাকে সইতে উত্তৰ পৰীয়া সকলে মানৰ বিপক্ষে ষড়যন্ত্ৰ কৰিলে। ১৭৪৪ শকৰ অগ্ৰহায়ণত যেতিয়া কিছুমান মান উত্তৰ পাৰলৈ গ'ল তেতিয়া উত্তৰ পৰীয়া লোকে সেই মানৰ অনেকক মাৰি খেদিলে। দৰঙ্গৰ ৰজাই সইতে যি মিত্ৰতা কৰে, তাৰ কাৰণে হওক বা দেশৰ আন আন ঠাই লোৱাৰ কাৰণে হওক মানে প্ৰথমে ই বিষয় একো কৰিব নোৱাৰিলে। তাৰ পাছৰ মাহত অৰ্থাৎ পৌষত বহু মানৰ সেনা উত্তৰ পাৰলৈ গ'ল। প্ৰথমবাৰ সেই অল্প সংখ্যক মানক পৰাস্ত কৰি উত্তৰ পৰীয়া সকলে এনে বিশ্বাস কৰিছিল যে আৰু মানে একে৷ কৰিব নোৱাৰে। ঠাইয়ে ঠাইয়ে বাঁহৰ কোঁঠ মৰা হইছিল। কিন্তু মানৰ সেন৷ বিস্তৰ সংখ্যাৰে তালৈ গই সি সকলো গড় ল’লে, এবং বাধা দিওঁতা আৰু নিদিওঁতা অনেক লোকক নষ্ট কৰিলে। ইয়াৰ পাছত মানে সম্পূৰ্ণ দেশ অধিকাৰ কৰি ললে। সিহঁতক