পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
আসাম বুৰঞ্জী

মানুহে মানুহ বা অখাদ্য নেখায় তেতিয়া সেই সকলে এই দেশক অচম বুলিলে।

 এই দেশক যে কেবল অসম বা অচম বোলে এনে নহয় ইয়াক কোনোয়ে আচামো বোলে। সেই ফালে অৰ্থ কৰিলে ইয়াৰ ব্যুৎপত্তি সংস্কৃত আচমন শব্দৰ পৰা যে হইছে এনে বুলিব পাৰি। সেই অৰ্থ ললে ইয়াৰ আদি বাসী মানুহসকলে আচমন কৰা দেখি আচাম বুলিলে। কিয়নো আৰ্য্যধৰ্ম্ম লোৱাৰ নিমিত্তে ইয়াৰ মানুহেও আচমন কৰিছিল।

 এই দেশৰ নামৰ যিবিলাক অন্বয়ৰ কথা লেখা গল সকলোবিলাকৰ পক্ষে যুক্তি নাই যে এনে বোলা টান। কিন্তু অহম বা আহোম শব্দৰ পৰাই যে অসম নামৰ উৎপত্তি হইছে এইটোহে নিশ্চয় অনুমান হয়। এই দেশৰ লোকে ব্যৱহাৰত যি বস্তু বা কথাক যি নাম দিয়ে বা যিৰূপে ব্যৱহাৰ কৰে সেই নাম বা সেই বস্তুয়েই যে প্ৰকৃত ইয়াকহে নিশ্চয় বুলি মানিব লাগে। যি বিলাক লোক ঢেকেৰী বুলি প্ৰসিদ্ধ সেই বিলাকে “অহম কোঁছ,” “অহম কেওট” বুলি একো কুল বা জাতি নিৰ্দেশ কৰে। তাৰ দ্বাৰা সেই লোক বা জাতিৰ লোকক এনে বুঝায় যে সি আহোমৰ দেশৰ কেওট বা কোঁছ। এইৰূপ বোলাৰ পৰা সিহঁতৰ দেশৰ কোঁছ বা কেওট আৰু আহোমৰ দেশৰ কোঁছ বা কেওট ইয়াক দুবিধ কৰে। উজনি খণ্ডেই আহোম বিলাকৰ এই দেশৰ আদি ঠাই। পাছে যিবিলাক উজনীয়াল কোঁছ বা কেওট সেই ঢেকেৰী দেশত থাকে সেই লোককহে অহম কোঁছ বোলে। আৰু ঢেকেৰী আৰু উজনীয়ালৰ যেতিয়া বিবাদ উপস্থিত হয় ইটে সিটক ঢেকেৰী আৰু সিটে ইটক অহম বা অসম বোলে। এই পৰ্য্যন্ত “অসমৰ বিষম কথা” বুলিলে “আহোম বা উজনীয়াল মানুহৰ বিষম কথা” বুলি লোকে জানে। কালক্ৰমে আহোমবিলাকৰ ৰাজ্য যলৈকে বিস্তাৰ হ’ল তলৈকে অসম নাম গল। নগা মিকীৰ ভোট প্ৰভৃতিয়ে অসমীয়া মানুহ বুলিলে নামনী প্ৰদেশৰ মানুহক বোলে তাৰো কাৰণ যে এই দেশৰ নামনী খণ্ড গোটেই অসম ৰজাৰ অধীন আছিল। শঙ্কৰ আৰু মাধৱ দেৱৰ যি যি পুথী আছে তাত অসম নাম পোৱা যায় আৰু তাত অসম