পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী গুৱালপাড়াত সীম৷ ৰক্ষাৰ নিমিত্তে আছিল। সেই সাহাবৰ পৰা দৃঢ়ৰূপে ব্ৰিটিশ সীমালৈ নাহিবলৈ কোৱাত মানে কোম্পানিৰ সীমালৈ একো নকৰিলে। ১৪৪ হাদিৰ চকী লোৱাৰ পাছত মান আৰু তাত নাথাকিল৷ ব্ৰহ্মপুত্ৰৰ দুয়ে৷ পাৰে ঠাইয়ে ঠাইয়ে কিছুমান মান থাকি অধিক ভাগ উজাই গ'ল। যিফালে গ'ল সিফালেই দেশ লুৰি প্ৰায় উপাত্ত কৰিলে। ১৭৪৩ শকৰ ভাদ্ৰত চন্দ্ৰকান্ত স্বৰ্গদেৱে কিছুমান শিখ, হিন্দুস্থানী ও আন আন অনেক দাঁতিপৰীয়া আৰু দেশী মানুহ সৰ্ব্বমোটে দুহাজাৰমান লই যুদ্ধ কৰিবৰ আশয়ে উজাই গ'ল। ইফালে পুৰন্দৰ সিংহ স্বৰ্গদেৱ আৰু বুঢ়াগোঁহাইয়েও বিজনী ভোটান প্ৰভৃতি ঠাইৰ পৰা দেশ লবৰ অৰ্থে সৈন্য সংগ্ৰহ কৰিবলৈ ধৰিলে। ইয়াতে মানৰ সেনাপতি মিঙ্গীমাহ৷ তিলোৱাই ব্ৰিটিশ গৱৰ্ণমেণ্টলৈ এনেৰূপে পত্ৰ লেখিলে বোলে চন্দ্ৰকান্ত আৰু আন আন অসমীয়া মানুহক গবৰ্ণমেণ্টে সাহায্য প্ৰদান নকৰিব বৰঞ্চ সিসকলে যেন দেশলৈ ঘূৰি আহি আপোনা আপুনি মানৰ সেনাপতিৰ ত’ত শৰীৰ সমৰ্পণ কৰে এনেটোহে উপদেশ দিব। কিন্তু ই কথাত গবৰ্ণমেণ্টে কৰ্ণপাত নকৰিলে। কিছু সৈন্যে লই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে উজাই গ'ল। আৰু যাওঁতে মানক পৰাস্ত – কৰি খেদি লই গ'ল। ইতিমধ্যতে মানৰ দেশৰ পৰা অনেক সৈন্যে সইতে মিঙ্গীমাহা বান্দুল৷ বুঢ়া গোঁহাই সেনাপতি আহি কিছু সৈন্য বদলি কৰি পঠালে। ১৭৪৪ শকত জ্যৈষ্ঠত স্বৰ্গদেৱ ম'হগড়ত ৰ'ল গই৷ স্বৰ্গদেৱৰ জয় আৰু আগমনৰ বাৰ্ত্তা পাই পাঁচ হাজাৰ মান সেন৷ লই মিঙ্গীমাহা বান্দুল৷ ম'হগড়লৈ আহিল। দুয়ে| দলৰ ঘোৰ যুদ্ধ হ’ল। অসমীয়া সেনাৰ বাৰুদ নোহোৱাৰ নিমিত্তে স্বৰ্গদেৱ পৰাস্ত হ’ল। প্ৰায় ১৫০০ সেনা মানে বধ কৰিলে। শিখ আৰু হিন্দুস্থানী সিপাহীবিলাকে তৰোৱালেৰে অনেক মান বধ কৰিলে। এই যুদ্ধত চন্দ্ৰকান্তে “হতো বা প্ৰাপ্যতে স্বৰ্গং জিত্ব৷ বা ভুঙ্ক্ষতে 'মহীং” এনে প্ৰতিজ্ঞা কৰি আপোন৷ আপুনি সেনাপতিৰ কাৰ্য্য কৰিছিল। কালৰ গতি বিসদৃশ। চন্দ্ৰকান্ত স্বৰ্গদেৱৰ আশ৷ দুৰাশ৷ মাত্ৰ।